Rupaliparda.com
"সংগীতৰ বিশাল ক্ষেত্ৰখনৰ নগণ্য অংশহে শিকিছো"- জাগৰণ শইকীয়া 1

“সংগীতৰ বিশাল ক্ষেত্ৰখনৰ নগণ্য অংশহে শিকিছো”- জাগৰণ শইকীয়া

মায়ানগৰীত ক্ৰমশঃ নিজ নাম উজ্বলাই ৰখা এগৰাকী অন্যতম অসম সন্তান হৈছে জাগৰণ শইকীয়া। পিতৃ দূৰ্গেশ্বৰ শইকীয়াৰ দ্বাৰা সৰুতেই বৰগীত তথা বিহুনামৰ শিক্ষা লোৱা জাগৰণে সৰুৰ পৰাই লাভ কৰিছিল ঢুলীয়া আৰু বিহুৱাৰে পৰিপূৰ্ণ এটা পৰিয়াল। কলেজীয়া শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱালৈ বিহু তথা অসমীয়া গীত সমূহৰ মাজতেই নিজক ব্যস্ত কৰি ৰাখিছিল জাগৰণে।ক্ৰমশঃ সংগীতৰ প্ৰতি বাঢ়ি অহা একাগ্ৰতাৰ বাবে তেওঁ সংগীতৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিও আকৰ্ষিত হৈ পৰে; ফলত তেওঁ অসমীয়া সংগীত জগতৰ জনপ্ৰিয় মিউজিচিয়ান ভূপেন উজীৰৰ কাষ চাপে আৰু তেওঁৰ ওচৰতেই সংগীতৰ কাৰিকৰী দিশটোৰ শিক্ষা গ্ৰহণ কৰে।

"সংগীতৰ বিশাল ক্ষেত্ৰখনৰ নগণ্য অংশহে শিকিছো"- জাগৰণ শইকীয়া 2


ইয়াৰ পিছত, তেওঁ ২০০৮ চনত মুম্বাইলৈ ধাৱমান হয়। সপোনৰ নগৰী খনলৈ গৈ তাত নিজৰ সপোনক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাটো সহজ নাছিল যদিও যিমানেই নগৰ খনত সোমাই গৈছিল সিমানেই জাগৰণ শইকীয়াই নতুন নতুন কিছু বস্তু শিকিবলৈ সক্ষম হৈ পৰিছিল। হিন্দীকে ধৰি ৰাজস্থানী, পঞ্জাৱী, মৈথেলী আদি ভাষাত নিৰ্মিত গীত সমূহতো মিউজিক প্ৰডিউচাৰ ৰূপে খ্যাতি লাভ কৰে অসম সন্তান জাগৰণে। পঞ্জাৱ সংগীত ক্ষেত্ৰখনতো প্ৰতিষ্ঠা লাভ কৰা জাগৰণ বৰ্তমান ব্যস্ত নিজ মাতৃভূমিক লৈ বিভিন্ন কাম কৰাত। কোৱাৰেন্টাইন সময়খিনিক সদ্ ব্যৱহাৰ কৰি বৰ্তমান ইটোৰ পিছত সিটোকৈ তেওঁ মুক্তি দিছে অসমীয়া গীত। “পৃথিৱীৰ অসুখ”, “এজাৰ” ৰ পিছত এতিয়া তেওঁ আন এটি গীত “জোনৰ কথা” ও মুক্তি লাভ কৰিবলৈ সাজু হৈছে।


এজন নাঁৱৰীয়াৰ ৰাতিৰ আকাশৰ জোনৰ সৈতে হোৱা কথা-বতৰাবোৰক লৈয়ে প্ৰস্তুত কৰা হৈছে গীতটি। ইয়াত ভাটিয়ালি সংগীতৰো সোঁৱাদ লাভ কৰিব শ্ৰোতাই। জাগৰণৰ মতে, সংগীতৰ এই বিশাল ক্ষেত্ৰখনৰ কিছু নগণ্য অংশহে তেওঁ বৰ্তমানলৈ ঢুকি পাইছে; তেওঁ আৰু শিকিবলৈ যত্ন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform