পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শ্বুটিঙত বিৰাম লাগিছে যদিও বৰ্তমান নৱপ্ৰজন্মৰ চুটি ছবিসমূহে সেই অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছে। নেটফ্লিক্স, এমেজন প্ৰাইম টাইমত উপলদ্ধ চিৰিজ, চিনেমা বোৰ উপভোগেৰে কোৱাৰেন্টাইন সময় অতিবাহিত কৰাৰ সমান্তৰালকৈ বৰ্তমান অসমীয়া কেইবাখনো সুন্দৰ বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে দৰ্শকে। আগন্তুক “বাৰুদ” ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ কাহিনী তথা চিত্ৰনাট্য লিখাৰ সৈতে জড়িত উদীয়মান যুৱক নীল বৰ্মণৰ শিক্ষা জীৱনৰ এখন চুটি ছবিয়ে লাভ কৰিছে এতিয়া দৰ্শকৰ সমাদৰ। পৰিচালক ভাস্কৰ হাজৰিকাৰ সৈতে লগ হৈ স্ক্ৰীপ্টৰ কাম কৰিছে যুৱকজনে। “That Girl” শীৰ্ষক চুটি ছবিখনত দৃশ্যপটৰ প্ৰাকৃতিক শব্দক গ্ৰহণ কৰি প্ৰস্তুত কৰা হৈছিল যদিও ইয়াক উপভোগ কৰি সঁহাৰি জনাইছে দৰ্শকে। সম্পৰ্কৰ তিঁতা-মিঠাক অন্তৰ্ভূক্ত কৰি কাহিনীভাগ লিখা হৈছে চুটি ছবিখনৰ। ড° ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ ছাত্ৰ নীল বৰ্মণৰ পৰিচালনা ও কাহিনীৰে নিৰ্মিত উক্ত চুটি ছবিখনে ইতিমধ্যে লাভ কৰিছে কেইবাখনো ছবি সমাৰোহত মনোনয়ন।

আন সকলোবোৰ বান্ধোনতকৈ সম্পৰ্কৰ বান্ধোন ডাল আটাইতকৈ থুনুকা; ই সহজে ভাঙে। ইয়াৰ বাবে এই বান্ধোনটোক বহু যতনৰে ৰাখিবলগীয়া হয়; যাতে ই ক’তো কষ্ট নাপায়। কিন্তু হঠাৎ উৎপন্ন হোৱা কিছু অবুজ মনোবৃত্তি তথা আত্মগৌৰৱী ভাৱধাৰাই ইয়াক নষ্ট কৰি পেলাবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন একেবাৰেই নলয়। এই সকলো টুকুৰা-টুকুৰ হৈ থকা কাহিনীৰ আধাৰ লৈয়ে নিৰ্মাণ কৰা হৈছে “That Girl”। ইয়াত অভিনয় কৰিছে প্ৰয়াস শৰ্মা তামুলী, ইৰিণ চবনম, প্ৰত্যুষ ভৰালী আৰু প্ৰশান্ত শইকীয়ায়ে। চন্দ্ৰ কুমাৰ দাস আৰু চন্দ্ৰজিৎ বাৰিকৰ চিনেমেটো’গ্ৰাফীৰে নিৰ্মিত এই চুটি ছবিখনৰ সম্পাদনা কৰিছে কৌস্তভ বৰা, কেশন বৰা, ৰূপ বুঢ়াগোঁহাই আৰু আম্বৰিশ ফুকন,অভিজিৎ ৰয়ে।

চুটি ছবিখনত সংগীত দিছে বিক্ৰান্ত বৰা, ৰিয়ান বৰা আৰু ৰঞ্জন সোণোৱালে। চাউণ্ড ডিপাৰ্টমেন্টৰ দায়িত্বত আছিল গৌতম বৰা, ৰিংকু বৰো, ডিকী কাশ্যপ আৰু ত্ৰিশংকু লহকৰে।
Add comment