Rupaliparda.com
চিন্তুৰ দেহাৱসানত মৰ্মাহত অসমীয়া অভিনয় ক্ষেত্ৰওঃ 1

চিন্তুৰ দেহাৱসানত মৰ্মাহত অসমীয়া অভিনয় ক্ষেত্ৰওঃ


এজন কলাকাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমস্ত বিশ্ব। অভিনয় ক্ষেত্ৰৰ একোজন অভিনেতাৰ দেহাৱসানে আছলতে প্ৰত্যেকজন শিল্পীৰ মনত দুখ প্ৰদান কৰে। বলীউডৰ দুজনকৈ অভিনেতাৰ মৃত্যুত বৰ্তমান মৰ্মাহত বি-টাউনৰ লগতে অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ অভিনেতা-অভিনেত্ৰীও। ঋষি কাপুৰৰ মৃত্যুত প্ৰত্যেক অসমীয়া শিল্পীয়েও নিজৰ শোক প্ৰকাশ কৰিছে। ৰবি শৰ্মা, জেৰিফা ৱাহিদৰ লগতে আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে নিজ চচিয়েল মিডিয়া একাউন্ট যোগে শোক প্ৰকাশ কৰিছে।

চিন্তুৰ দেহাৱসানত মৰ্মাহত অসমীয়া অভিনয় ক্ষেত্ৰওঃ 2

১৯৭০ চনত নিজ পিতৃ ৰাজ কাপুৰৰ ছবি “মেৰা নাম জকাৰ” ত কৰা অভিনয়ৰ দ্বাৰা নিজ অভিনয় জীৱনৰ পাতনি মেলা ঋষি কাপুৰে তেওঁৰ প্ৰথমখন ছবিৰ বাবেই শিশু তাৰকা শ্ৰেণীত লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। ১০০ খনতকৈও অধিক ছবিত অভিনীত ঋষি কাপুৰ অৱশ্যেই প্ৰত্যেকজন অভিনয় ক্ষেত্ৰৰ শিল্পীৰ বাবে প্ৰিয় অভিনেতা হোৱাটো স্বাভাৱিক। ঋষি কাপুৰৰ মৃত্যুত তেওঁক উদ্দেশ্যি দিয়া পোষ্ট সমূহ চাওঁচোন আহকঃ

https://www.instagram.com/tv/B_mekSUHc28/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B_mFyBohyhp/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.