Rupaliparda.com
কন্ঠশিল্পী বাবুয়ে মনত কৰিছে জুবিনকঃ 1

কন্ঠশিল্পী বাবুয়ে মনত কৰিছে জুবিনকঃ

কন্ঠশিল্পী বাবুয়ে মনত পেলাইছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক। তেওঁলোক দুয়োৰে মাজৰ ভাতৃত্ববোধৰ লগতে মৰম-ভালপোৱা আদিবোৰ আমি সকলোৱে ইতিমধ্যে দেখিছো। ইজনে আনজনৰ বিভিন্ন কাম তথা সৃষ্টিত প্ৰত্যেকটো সময়তে সহাঁৰিও জনায়। এইবাৰ বিহু মঞ্চত ইজনে আনজনক লগ নোপোৱাৰ ফলত কন্ঠশিল্পী বাবুয়ে মঞ্চত জুবিন গাৰ্গে পৰিৱেশন কৰা এটি গীতৰ দৃশ্যাংশ দেখুৱাই আপলোড কৰে এটি পোষ্ট। ইয়াৰ পূৰ্বেও, বাবুয়ে নিৰীহ লোকক সহায়ৰ বাবে আৰম্ভ কৰা কাৰ্যসূচীক সঁহাৰি জনাই জুবিনে মুম্বাইৰ পৰাই জনসাধাৰণকো আহ্বান জনাইছিল বাবুক সহায় কৰিবলৈ। ইয়াৰ পৰাই তেওঁলোক দুয়োৰে মাজত থকা ভাতৃত্ববোধক বুজিব পৰা যায়।


১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

কন্ঠশিল্পী বাবুয়ে মনত কৰিছে জুবিনকঃ 2


বৰ্তমান ক্ষেত্ৰখনৰ জনপ্ৰিয় হৈ পৰা বাবুৰ সামাজিক দায়বদ্ধতাও উল্লেখনীয়। গাঁৱৰ চুকে-কোণে থকা পৰিয়াল সমূহে যিসমূহ লাগতিয়াল ঔষধ যোগান ধৰিব নোৱাৰে অথবা তেওঁলোকৰ তাত যিসমূহ ঔষধি দ্ৰৱ্যৰ পোৱা নাযায় সেইসমূহ যোগানৰ ব্যৱস্থা কৰিছিল কন্ঠশিল্পী বাবুয়ে। “If possible Save A Life” শীৰ্ষক বাবুৰ এই কাৰ্যসূচীক জুবিন গাৰ্গেও জনাইছিল সঁহাৰি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform