Rupaliparda.com
নাছিৰুদ্দিন শ্বাহৰ মৃত্যুৰ ভুৱা বাতৰি বিয়পালে একাংশইঃ 1

নাছিৰুদ্দিন শ্বাহৰ মৃত্যুৰ ভুৱা বাতৰি বিয়পালে একাংশইঃ

বি-টাউনত দুজনকৈ অভিনেতাৰ দুদিনৰ অকল্পনীয় ক্ষতিৰ পিছত এইবাৰ একাংশই চচিয়েল মিডিয়াত বিয়পাইছে ভুৱা বাতৰি। ইৰফান খান ও ঋষি কাপুৰৰ পিছত এতিয়া নাছিৰুদ্দিন শ্বাহক হাস্পাতাললৈ লৈ যোৱাৰ ভুৱা বাতৰি বিয়পাইছে একাংশই।এনে বাতৰিসমূহক ভুৱা আখ্যা দি তেওঁৰেই পৰিয়ালৰ এজন সদস্যই নাছিৰুদ্দিন একেবাৰেই সুস্থ হৈ ঘৰতেই আছে বুলি জানিবলৈ দিয়ে; বিগত দুটা দিনত অহা খবৰে তেওঁক মৰ্মাহত কৰিছে যদিও তেওঁ বৰ্তমান সবল হৈ আছে বুলিও ব্যক্ত কৰে। একাংশই হাস্পাতাললৈ লৈ যোৱাৰ বাতৰি দিয়াৰ উপৰিও একাংশইটো তেওঁক আই.চি.ইউত ৰখা হৈছে বুলিও পোষ্ট কৰে। উল্লেখ্য যে, নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেতা সমূহৰ ভিতৰত নাছিৰুদ্দিনো আছিল এগৰাকী।

নাছিৰুদ্দিন শ্বাহৰ মৃত্যুৰ ভুৱা বাতৰি বিয়পালে একাংশইঃ 2
নাছিৰুদ্দিন শ্বাহৰ মৃত্যুৰ ভুৱা বাতৰি বিয়পালে একাংশইঃ 3


কেইবাখনো জনপ্ৰিয় ছবিত অভিনীত অভিনেতাগৰাকীক প্ৰায়ে নিজৰ কথা খুলি কোৱা দেখিবলৈ পোৱা যায়; যাৰ ফলত চচিয়েল মিডিয়াত চৰ্চাও লাভ কৰে তেওঁ। শেহতীয়াকৈ তেওঁ নিজে কৰা ছবিসমূহক উদ্দেশ্যি কৈছিল যে, “যিসমূহে শ্বাহৰুখ-ছলমানৰ চিনেমা চাই উঁকি মাৰে তেওঁলোকে কেতিয়াও মোৰ চিনেমা নুবুজিব। গতিকে তেওঁলোক মোৰ ছবিৰ পৰা আঁতৰিলে মই ভাল পাম।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.