Rupaliparda.com
কুমাৰ চনুয়ে পাহৰিব নোৱাৰে ঋষি কাপুৰকঃ 1

কুমাৰ চনুয়ে পাহৰিব নোৱাৰে ঋষি কাপুৰকঃ

বলীউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰ আমাৰ মাজত নাই যদিও তেওঁৰ অভিনয়ে বৰ্তমানেও তেওঁক আমাৰ মাজত জীয়াই ৰাখিছে। তেওঁৰ ছবিয়ে হওঁক বা তেওঁৰ ছবিত থকা গান সমূহেই হওঁক; এই আটাইবোৰেই তেওঁক চিৰদিন জীৱন্ত ৰূপত ৰাখিব জনসাধাৰণৰ মাজত। তেওঁৰ মৃত্যুত সকলো মৰ্মাহত হোৱাৰ লগতে এইবাৰ নিজ শোক ব্যক্ত কৰিছে বলীউড গায়ক কুমাৰ চনুয়ে। ঋষি কাপুৰৰ মৃত্যুত তেওঁক কেতিয়াবা কন্ঠ দিয়া এই গৰাকী কন্ঠশিল্পী বৰ্তমান আৱেগিক হৈ পৰিছে। এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কুমাৰ চনুয়ে কয় যে, “সোচেংগে তুমহে প্যাৰ……” এই গীতটো মই তেওঁৰ বাবে বনাইছিলো। তেওঁ সৈতে পাৰ কৰা সময়বোৰ মই কেনেকৈ পাহৰিম? ঋষি কাপুৰ কেৱল কেমেৰাৰ সমুখতেই নাছিল; তেওঁ সুৰ আৰু তাল সমূহক লৈও ব্যস্ত আছিল। এইটো নহয় যে, তেওঁ এজন এনে অভিনেতা যিয়ে নিজৰ কাম শেষ কৰি গুচি গ’ল; ঋষি কাপুৰ সকলো ঠাইতে আছিল।”

কুমাৰ চনুয়ে পাহৰিব নোৱাৰে ঋষি কাপুৰকঃ 2


ইয়াৰ লগতে কুমাৰ চনুয়ে কয় যে, “ঋষি কাপুৰে প্ৰত্যেকটো সময়ত কিবা নহয় কিবা এটা শিকি থাকিব খুজিছিল। মোৰ এই গীতটোক লৈও তেওঁৰ লগত চৰ্চা কৰা মোৰ মনত আছে। এজন প্ৰকৃত এন্টাৰটেইনাৰ আছিল তেওঁ। মোৰ এতিয়াও নালাগে যে তেওঁ আমাৰ মাজত নাই।” উল্লেখ্য যে, “দিৱানা” ছবিখনৰ উক্ত গীতটো বৰ্তমান সময়লৈ জনপ্ৰিয় হৈ আছে। ঋষি কাপুৰৰ অভিনয়ো সেই ছবিখনত সকলোৱে প্ৰশংসা কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.