অভিনয় হওঁক অথবা সুন্দৰতা নাইবা ব্যক্তিত্ব; এই আটাইবোৰৰ সংমিশ্ৰণেৰে অভিনেত্ৰী নৰগিচে ৫০-৬০ দশকত দৰ্শকৰ হৃদয়ত বাস কৰিছিল। তেওঁ অভিনীত ছবি “মাদাৰ ইণ্ডিয়া” ই অস্কাৰত খোজ পেলাই ভাৰতীয় চিনেমা জগত খনত এক চিনাকী দিছিল। তেওঁৰ সম্পৰ্ক ৰাজ কাপুৰৰ সৈতে থকা বুলি বিভিন্ন সময়ত চৰ্চিত হৈছিল যদিও নৰগিচ আৰু সুনীল দত্তৰ বৈবাহিক জীৱন ও প্ৰেমৰ কাহিনী আজিও দৰ্শকৰ মনত জীয়াই আছে। অভিনয় ক্ষেত্ৰখনত অহাৰ পূৰ্বে সুনীল দত্ত ৰেডিঅ’ জকী ৰূপে কৰ্মৰত হৈ আছিল আৰু আনহাতে জনপ্ৰিয় অভিনেত্ৰী ৰূপে পৰিগণিত হৈছিল নৰগিচ। সুনীল দত্ত কৰ্মৰত হৈ থকা ৰেডিঅ’ চেণ্টাৰটোত এক সাক্ষাৎকাৰৰ বাবে নৰগিচ উপস্থিত হৈছিল যদিও নৰগিচক দেখি সংকোচ ও ভয়ত তেওঁক এটাও প্ৰশ্ন কৰিব পৰা নাছিল সুনীল দত্তই; সেইদিনাখন তেওঁ নিজ চাকৰি যোৱা-থোৱা অৱস্থাৰ পৰা বাচিছিল।


“মাদাৰ ইণ্ডিয়া” ত নৰগিচৰ পুত্ৰ চৰিত্ৰটো দিলীপ কুমাৰে নাকচ কৰাত সুনীল দত্তক দিয়া হৈছিল এই চৰিত্ৰটো। এবাৰ শ্বুটিঙৰ সময়ত তেওঁলোকৰ ছেটত জুই লগাত কোনো ভয় নকৰি নৰগিচক বচাবলৈ গুচি গৈছিল সুনীল দত্ত আৰু তেতিয়াৰ পৰাই আৰম্ভণি হৈছিল তেওঁলোকৰ প্ৰেমৰ। তেওঁলোকে ইজনে সিজনক প্ৰেম পত্ৰ যোগেৰে প্ৰেম নিবেদন কৰিছিল। নৰগিচৰ মৃত্যু তিথিত তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শ্ৰদ্ধাঞ্জলি।
Add comment