অসমলৈ উভতি আহিবলৈ সাজু হৈছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ। বস্তু- বাহানি সামৰি অসমলৈ ঘূৰি অহাৰ যো-জা কৰিছে এতিয়া শিল্পী গৰাকীয়ে। বিগত কেইবাদিনো ধৰি মুম্বাইৰ বাসগৃহত আৱদ্ধ হৈ আছিল শিল্পী গৰাকী। গতিকে; এতিয়া খোলাৰ লগে লগে আহিবলৈ সাজু হৈছে তেওঁ। উল্লেখ্য যে, অকস্মাৎ অসুস্থ হৈ পৰা পিছত কেইবাদিনলৈও চিকিৎসাধীন হৈ আছিল হাৰ্টথ্ৰৱ গৰাকী; কিছুদিন জিৰণি লোৱা মানসেৰে মুম্বাইলৈ ধাৱমান হৈছিল তেওঁ। এনে বিপদৰ সময়ছোৱাত কিন্তু অসমবাসীৰ হাতে হাত থৈ থিয় দিয়াৰ উপৰিও জুবিন গাৰ্গে বিগত দিনত “অসম আৰোগ্য নিধি” লৈ আগবঢ়ায় মুঠ এক লাখ টকাৰ অনুদান। ইয়াৰ সমান্তৰালকৈ এইবাৰ ৰঙালী বিহুত অসমবাসীৰ ওচৰত নাথাকিলেও তেওঁ চচিয়েল মিডিয়া যোগে লাইভ গীত পৰিৱেশন কৰি অনুৰাগীৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল।


দৈনন্দিন ৰূপত বিভিন্ন গৰাকী অসমীয়া কন্ঠশিল্পীৰ সৈতে লাইভ আহি গীতো পৰিৱেশন কৰিছিল তেওঁ। ইয়াৰ লগতে, ফেচবুক পেজ যোগে তেওঁ উভতি অহা খবৰ অনুৰাগীক দিয়াৰ উপৰিও জনসাধাৰণৰ সাহস বৃদ্ধিৰো চেষ্টা কৰে। তেওঁ কয় যে, “মই জানো যে একো নকৰাকৈ বহি থকাটো কিমান আমনি দায়ক; কিন্তু বিশ্বাস কৰক আমি একো নকৰাকৈ বহু কিবা কিবি কৰি আছো।”

জুবিন গাৰ্গ ঘূৰি অহা কথাটোক লৈ বৰ্তমান উৎসাহী হৈ পৰাৰ লগতে অনুৰাগীয়ে তেওঁৰ পোষ্ট শ্বেয়াৰ কৰি ভাইৰেলো কৰি তুলিছে চচিয়েল মিডিয়াত।
Add comment