নিজ কল্পনাক কেনেদৰে এটা আকাৰ দি বাস্তৱত ৰূপায়িত কৰিব লাগে সেই আটাইবোৰ নিৰ্ভৰ কৰে এজন কলাকাৰৰ ওপৰত। তেওঁ এখন চিত্ৰৰেও সেই কথা বুজাব পাৰে অথবা এখন ছবিৰে; নাইবা এটা কবিতাৰে আৰু নহ’লে এটি গীতৰ জৰিয়তে সেই কল্পনাক বাখ্যা কৰিব পাৰে। এইবাৰ নিজ কল্পনাক এখন চুটি ছবিৰ মাধ্যমেৰে দৰ্শকৰ মাজত আনিবলৈ প্ৰস্তুত হৈছে নৱ প্ৰজন্মৰ উদীয়মান পৰিচালক ও চুটি ছবি নিৰ্মাতা প্ৰাঞ্জল গৈয়াৰী। বিভিন্ন জনে “লক-ডাউন” ৰ মাজতেই প্ৰস্তুত কৰি উলিওৱা বিভিন্নটা কৰ্মৰ সমান্তৰালকৈ প্ৰাঞ্জল গৈয়াৰী নামে এই পৰিচালকগৰাকীও কোনো ধৰণৰ বিশেষ কেমেৰা লেন্স অথবা কোনো ধৰণৰ অইন সা-সামগ্ৰী ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰি উলিয়াইছে “48”। সম্ভৱতঃ দৰ্শকে এক ব্যতিক্ৰমী কনচেপ্টৰ সোঁৱাদ পাবলৈ সক্ষম হ’ব উক্ত চুটি ছবিখনৰ জৰিয়তে। ছবিখনৰ নামটোৱেই আছলতে এক উৎকন্ঠা সৃষ্টি কৰিবলৈ সক্ষম হৈছে চলচিত্ৰ প্ৰেমী দৰ্শকৰ মাজত।

প্ৰত্যেকজন জনসাধাৰণৰ জীৱনত কিছু অপৰিকল্পনীয় ঘটনা ঘটে; যিটো অবৈধ যদিও বৈধ ৰূপত প্ৰতিফলিত হয় অইনৰ সমুখত; এনে এক বিষয়বস্তুক লৈয়ে নিৰ্মাণ কৰা হৈছে “48”। “লক- ডাউন” ৰ সমষ্ট নীতি নিয়ম পালন কৰি ছবিখন প্ৰস্তুত কৰা হৈছে। জানিব পৰা মতে, ছবিখন অহা সপ্তাহৰ ভিতৰত মুক্তি দিয় হ’ব। প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে ইয়াত অভিনয় কৰিছে জুবিন দাস, অভিজিৎ শৰ্মা আৰু ত্ৰৈলোক্য কাশ্যপে।


কুলদীপ আহন গোস্বামীৰ চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনৰ চিনেমেটো’গ্ৰাফী লগতে সম্পাদনা কৰিছে মিলন জ্যোতিয়ে। চুটি ছবিখনৰ সহঃ পৰিচালক হৈছে নিহাৰ জে. দাস আৰু শব্দ সংমিশ্ৰণ ধ্ৰুৱ হাজৰিকাৰ। “48” শীৰ্ষক চুটি ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰ হৈছে ধৃতিমান মিশ্ৰাৰ। আগন্তুক এই ছবিখনক লৈ বৰ্তমান উৎসাহী হৈ ৰোৱাও দেখিবলৈ পোৱা গৈছে একাংশক।
Add comment