Rupaliparda.com
এইবাৰ উপভোগ কৰক সুনীতা কৌশিকৰ কথক নৃত্যঃ 1

এইবাৰ উপভোগ কৰক সুনীতা কৌশিকৰ কথক নৃত্যঃ

সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী।

https://www.instagram.com/tv/B_tzqexlr_2/?utm_source=ig_web_copy_link

“লক-ডাউন” ত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে কোনো নহয়; কোনো মাধ্যমেৰে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কেতিয়াবা তেওঁলোকে কোনো ব্যঞ্জন তৈয়াৰ কৰি দৰ্শকৰ মাজত ৰেচিপি শ্বেয়াৰ কৰিছে নহ’লে আকৌ নিজৰ নৃত্য প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰিছে। এগৰাকী অভিনেত্ৰী যে কেৱল মাত্ৰ বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ ৰূপায়ন কৰাতেই ব্যস্ত হৈ থাকে তেনে নহয়; তেওঁলোকৰ নৃত্যও হৈছে মনপৰশা।

এইবাৰ উপভোগ কৰক সুনীতা কৌশিকৰ কথক নৃত্যঃ 2


নৃত্য ও অভিনয় ক্ষেত্ৰত সমানেই দক্ষতা থকা অভিনেত্ৰী সমূহৰ মাজৰ এগৰাকী হৈছে সুনীতা কৌশিক। নিজ বাসগৃহতেই কথক নৃত্য প্ৰদৰ্শনেৰে দৰ্শকক আমোদ দিয়াৰ লগতে তেওঁৰ বান্ধৱী ও অভিনেত্ৰী মেঘৰঞ্জনী লৈ ধন্যবাদো জ্ঞাপন কৰে। শেহতীয়াকৈ, সুনীতা কৌশিকক “সাগৰিকা” নামে এখন ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ বিভিন্ন পোষ্ট আপলোড কৰি দৰ্শকক মনোৰঞ্জনো কৰোৱায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform