Rupaliparda.com
#RajamouliMakeRamayan ৰ ট্ৰেণ্ডিংঃ ৰাজামৌলীক দায়িত্ব অৰ্পণ একাংশৰ- 1

#RajamouliMakeRamayan ৰ ট্ৰেণ্ডিংঃ ৰাজামৌলীক দায়িত্ব অৰ্পণ একাংশৰ-

দূৰদৰ্শন প্ৰচাৰিত “ৰামায়ণ” য়ে নিজ অন্তিমটো খণ্ড শেষ কৰাৰ পিছতেই চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আহি পৰিল এক জনপ্ৰিয় পৰিচালকৰ নাম। “ৰামায়ণ” প্ৰচাৰিত হোৱাৰ পিছৰে পৰা ইয়াৰ আকাশলংঘী টি.আৰ.পিয়ে ধাৰাবাহিক খনক আন এক সফলতা চুমিবলৈ সক্ষম কৰোৱাইছিল; BARC ইণ্ডিয়াৰ ৰেটিং অনুসৰি ১৬ এপ্ৰিল তাৰিখে এই ধাৰাবাহিকখন উপভোগ কৰা লোকৰ সংখ্যা আছিল প্ৰায় ৭ কোটিতকৈ উৰ্দ্ধত। ইয়াৰ বাবেই ধাৰাবাহিকখনক আকৌ এবাৰ ডাঙৰ পৰ্দাত চোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে একাংশই। “বাহুবলী” ৰ দুয়োটা সংস্কৰণৰ পৰিচালক ৰাজামৌলীক উদ্দেশ্যি চচিয়েল মিডিয়াত চলিল #RajamouliMakeRamayan ৰ ট্ৰেণ্ডিং।

#RajamouliMakeRamayan ৰ ট্ৰেণ্ডিংঃ ৰাজামৌলীক দায়িত্ব অৰ্পণ একাংশৰ- 2


“বাহুৱলী” ৰ দৰে এক ডাঙৰ বিষয়বস্তুক সুন্দৰ ৰূপত প্ৰতিফলিত কৰা ৰাজামৌলী সফল হোৱা বাবেই তেওঁক দৰ্শকে এই দায়িত্ব দিবলৈ ইচ্ছা কৰে। উল্লেখ্য যে, ৰাজামৌলী তেওঁৰ আগন্তুক ছবি “আৰ আৰ আৰ” ৰ বাবে চৰ্চা লাভ কৰিছে। তামিল, তেলেগু, মালায়ালম, হিন্দী আদি ভাৰতীয় ১০ টা ভাষাতেই নিৰ্মাণ কৰা হ’ব এই ছবিখন। ভাৰতীয় সেনাক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ বাজেটেই হৈছে ৪০০ কোটি টকা। ৰাম চৰণ আৰু আলিয়া ভাটৰ কেমেষ্ট্ৰীৰ পৰিৱৰ্তে ছবিখনত অজয় দেৱগণকো গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.