Rupaliparda.com
"লক-ডাউন"ৰ ভয়াৱহতাক লৈ মত ব্যক্ত চিত্ৰনাট্যকাৰ ৰাজদ্বীপৰঃ 1

“লক-ডাউন”ৰ ভয়াৱহতাক লৈ মত ব্যক্ত চিত্ৰনাট্যকাৰ ৰাজদ্বীপৰঃ

“লক-ডাউন” ৰ ফলত সমগ্ৰ বিশ্বৰ প্ৰত্যেকটো ক্ষেত্ৰত প্ৰভাৱ পৰাৰ সমান্তৰালকৈ ই প্ৰচুৰ ভয়াৱহতাৰ সৃষ্টি কৰিব সাংস্কৃতিক ক্ষেত্ৰখনতো। উক্ত বিষয় সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন মত ব্যক্ত কৰাৰ পিছত এইবাৰ নিজ মত পোষণ কৰে অসমীয়া ছবিৰ জনপ্ৰিয় চিত্ৰনাট্য লেখক ৰাজদ্বীপে। এখন সংবাদ পত্ৰ যোগে তেওঁ চৰম অনিশ্চয়তা প্ৰকাশ কৰি কয় যে, “ষ্টুডিঅ’ ৰ পৰা শ্বুটিঙলৈ সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যৱস্থাপনা বৰ্তমান স্তব্ধ হৈ আছে। “লক-ডাউন” ত কিছু শিথিলতা আহিলেও হয়টো নুখুলিব পাৰে চিনেমা হ’ল তথা নিদিব পাৰে Outdoor শ্বুটৰ অনুমতি। গতিকে এনেক্ষেত্ৰত এই ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকল অনিশ্চয়তাত ভুগিব । আমি এতিয়া কেৱল আশাহে কৰিব পাৰো এই পৰিস্থতি সমূহৰ সাম কটাৰ; এই আতংকময় পৰিস্থিতিৰ পৰা ওলাই অহা আশাহে কৰিব পাৰো।”

"লক-ডাউন"ৰ ভয়াৱহতাক লৈ মত ব্যক্ত চিত্ৰনাট্যকাৰ ৰাজদ্বীপৰঃ 2


ৰাজদ্বীপ বুলিয়ে নহয় পূৰ্বতেও ৰূপালীপৰ্দা যোগে বিশ্বজিৎ বৰা, হিমাংশু প্ৰসাদ দাস, উৎপল দত্ত লগতে এহচান মজিদে “লক-ডাউন” য়ে অসমীয়া ছবি জগতত কি প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে নিজা নিজা মত ব্যক্ত কৰিছিল। তেওঁলোকৰ মতে কেৱল মাত্ৰ অসমেই নহয়; সমগ্ৰ বিশ্বৰ ছবি জগতত প্ৰভাৱ পেলাব “লক-ডাউনে”।

"লক-ডাউন"ৰ ভয়াৱহতাক লৈ মত ব্যক্ত চিত্ৰনাট্যকাৰ ৰাজদ্বীপৰঃ 3


উল্লেখ্য যে, শেহতীয়াকৈ ৰাজদ্বীপে প্ৰতিষ্ঠা লাভ কৰিছিল মুম্বাইত। সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত ভাৰতৰ সৰ্ববৃহৎ চিত্ৰনাট্য প্ৰতিযোগিতাত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৪০০০ প্ৰতিযোগীৰ দৌৰত আগবাঢ়িছিল অসম সন্তান ৰাজদ্বীপ। অসমৰ যুৱ নাট্যকাৰ, গীতিকাৰ, সাংবাদিক লগতে চিত্ৰনাট্যকাৰ হিচাপে প্ৰতিষ্ঠিত ৰাজদ্বীপে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ২২ তাৰিখে বলীউডৰ ছবিৰ বাবে কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ ৰূপে চুক্তিবদ্ধ হয়।

Add comment

Leave a Reply