ইৰফান খানৰ মৃত্যুত বি-টাউনৰ সকলো চিলেব্ৰেটী শোকস্তব্ধ হৈ পৰা সমান্তৰালকৈ অভিনেতা গৰাকীৰ সৈতে কটোৱা সময়ক মনত পেলাই বিভিন্ন পোষ্ট শ্বেয়াৰ কৰাও দেখিবলৈ পোৱা গৈছে। এইবাৰ ইৰফান খানক মনত পেলাই তেওঁৰ বিষয়ে প্ৰকাশ কৰিছে অভিনেত্ৰী কংগনা ৰাণাওঁটে। “লাইফ ইন এ মেট্ৰো” লগতে “নক আউট” আদি ছবিত একলেগে অভিনীত কংগনাই নিজ সহঃ অভিনেতাক মনত পেলাই কয় যে “প্ৰথমতে আমাৰ মাজত বন্ধুত্ব নাছিল যদিও পিছলৈ “ডিভাইন লভৰ্স” ত যেতিয়া কাম কৰিলো তেতিয়া আমি ইজনে আনজনৰ কাষ চাপিব লৈছিলো।”

কংগনাই আকৌ কয় যে, “আমি যেতিয়া লগ পাইছিলো তেতিয়া বৰ কষ্ট কৰিহে কামৰ কথা পাতিব পাৰিছিলো। ইৰফানে কেতিয়াও নিজৰ প্ৰতিভা, ষ্টাৰডম আদি গম্ভীৰ ভাৱে লোৱা নাছিল। তেওঁ যেতিয়া Ang Lee ত কাম কৰি আছিল তেতিয়া তেওঁ ক্ৰিষ্টোফাৰ নলেনৰ কামকো গ্ৰহণ কৰা নাছিল; এই কথাটোক লৈ আমি তেওঁক জোকাইছিলো যদিও সেইবোৰ কথা মনত লগাই লোৱা নাছিল। “কুল” আছিল ইৰফান।”

ইৰফান বলীউড ক্ষেত্ৰৰ তথাকথিত কিছু বস্তুৰ উৰ্দ্ধত আছিল বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। কেৱল কংগনাই নহয়; ইৰফানক লৈ প্ৰায় একেখিনি কথাই বাখ্যা কৰিছে আন অভিনেতা-অভিনেত্ৰীও।
Add comment