Rupaliparda.com
খাওঁ নেকি হাবাথুৰি কেতিয়াবা নিজক বিচাৰি?: সুন্দৰ বিষয়বস্তুৰে চাওঁক "ID"- 1

খাওঁ নেকি হাবাথুৰি কেতিয়াবা নিজক বিচাৰি?: সুন্দৰ বিষয়বস্তুৰে চাওঁক “ID”-

আপুনি বাৰু কেতিয়াবা নিজৰ মাজতেই নিজক বিচাৰিছেনে? নহ’লে, আপোনাক কেতিয়াবা কোনোবাই নিজৰ মাজতেই হেৰুৱাই পেলাইছে নেকি বাৰু? ইয়াৰ উত্তৰত কোনোৱে হয়টো ভাবিব; কোনোৱে “হয়-হয়” বুলি তপৰাই উত্তৰ দিব অথচ কোনোৱে ক’ব “নহয়”। আচলতে, এই “হয়, নহয়, নহ’বও পাৰে বা হ’বও পাৰে” ৰ মাজতেই ৰৈ থাকে সকলোৰে জীৱনবোৰ। সম্প্ৰতি জনসাধাৰণে নিজক লৈ সময় পাইছে; কিন্তু কেতিয়াবা এনেওটো হৈছে য’ত কোনো অইন ব্যক্তিয়ে আমাৰ নিজৰ মাজত থকা “মই” টোৰ সৈতে আমাক চিনাকী কৰোৱাইছে। নিশ্চয় হৈছে; প্ৰায় ভাগ লোকেই কেতিয়াবা নহয় কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হৈছে। এনে কিছুমান ঘটনাক সুন্দৰ ৰূপত কাহিনী আকাৰে প্ৰস্তুত কৰিছে অসমৰে তিনিগৰাকী উদীয়মান শিল্পীয়ে। সেয়া হৈছে ক্ৰমে মনোজ বৰকটকী,স্বাগতা ভৰদ্বাজ আৰু হিমাংশু নাথ।

খাওঁ নেকি হাবাথুৰি কেতিয়াবা নিজক বিচাৰি?: সুন্দৰ বিষয়বস্তুৰে চাওঁক "ID"- 2


“লক-ডাউন” ৰ মাজতেই বিভিন্ন প্ৰতিভা দেখিছে অসমীয়া দৰ্শকে। কোনোৱে ঘৰতে বহি প্ৰস্তুত কৰিছে চুটি ছবি; আকৌ কোনোৱে লিখি উলিয়াইছে একোটিকৈ নতুন গীত। ইয়াৰ মাজতেই তিনি গৰাকী শিল্পীৰ Story Telling ৰে অনুপম কৌশিক বৰাৰ ইউটিউব চেনেলত মুকলি কৰা হৈছিল এটি ১০ মিনিট দৈৰ্ঘৰ ID (Stories About Identity) ৰ ভিডিঅ’। চুটি ছবিতকৈ কিছু নতুন ও ব্যতিক্ৰমী কনচেপ্টেৰে আগবঢ়া এই ভিডিঅ’টোক সহাঁৰিও জনাইছে একাংশই। তলত ভিডিঅ’টোৰ লিংকটো আগবঢ়োৱা হ’লঃ


এটা নিৰ্দ্দিষ্ট বিষয়বস্তুক লৈ তিনিটা ভিন্ন কাহিনী কোৱা হৈছে উক্ত ভিডিঅ’টোত। তিনিওগৰাকী শিল্পীৰ সুকীয়া গল্প আৰু কাহিনী কেইটাৰ ভিন্ন উপস্থাপনে ভিডিঅ’টো আৰু অধিক উপভোগ্য কৰি তুলিছে। কনচেপ্ট ও এনিমেশ্বন, সম্পাদনা তথা কালাৰ আদিৰ সমস্ত দায়িত্বত আছিল “বৰনদী ভটিয়ায়” ৰ পৰিচালক ও অভিনেতা অনুপম কৌশিক বৰা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.