Rupaliparda.com
প্ৰত্যাহ্বান সামৰি আগবঢ়া নৱপ্ৰজন্মৰ কাহিনীৰে চুটি ছবি "Fade In"- 1

প্ৰত্যাহ্বান সামৰি আগবঢ়া নৱপ্ৰজন্মৰ কাহিনীৰে চুটি ছবি “Fade In”-

“লক-ডাউনে” অসমীয়া ছবি ক্ষেত্ৰখনত ঋণাত্মক প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে এতিয়া বিভিন্ন জনে। কিন্তু, এনে “লক-ডাউন” ৰ ফলতো থমকি ৰোৱা নাই দৰ্শকৰ মনোৰঞ্জন। ডাঙৰ পৰ্দাৰ ছবি নহ’লেও বৰ্তমান ইখনৰ পিছত সিখন চুটি ছবিৰ মুক্তিৰ দ্বাৰা দৰ্শকক আমোদ প্ৰদান ও আকৰ্ষিত কৰি ৰাখিছে নবপ্ৰজন্মই। ২-৩ ঘণ্টীয়া নহয়; প্ৰায় ২-৫ অথবা ১ মিনিটৰ একোটা সুন্দৰ বিষয়বস্তুক উপস্থাপন কৰি নিৰ্মিত এই চুটি ছবিসমূহে ইতিমধ্যে বহুল হাৰত লাভ কৰিছে জনসাধাৰণৰো প্ৰশংসা। আছলতে, নেটফ্লিক্স, এমেজন প্ৰাইম টাইম আদি এপ সমূহত উপলদ্ধ বিভিন্ন হিন্দী ৱেব চিৰিজ উপভোগ কৰাৰ সমান্তৰালকৈ অসমীয়া যুৱপ্ৰজন্মৰ প্ৰতিভা সমূহ চাবলৈ পায় সুখীও হৈ পৰিছে একাংশ দৰ্শক। বিগত দিনকেইটাত কেইবাখনো চুটি ছবিৰ বিষয়ে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে পঢ়িবলৈ অথবা জানিবলৈ পাইছে। আকৌ এবাৰ, আপোনালোকৰ মাজলৈ আনিছো আন এখন চুটি “Fade In”।

প্ৰত্যাহ্বান সামৰি আগবঢ়া নৱপ্ৰজন্মৰ কাহিনীৰে চুটি ছবি "Fade In"- 2


৬ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত নিজ সপোন, বাস্তৱ, প্ৰাপ্তি-অপ্ৰাপ্তিৰ সমগ্ৰ সমীকৰণ বাখ্যা কৰা হৈছে। দৃঢ় প্ৰতিজ্ঞ হৈ থকা কোনো এজন ব্যক্তিয়ে সহজতে হাৰ মানিবলৈ নোখোজা মনোভাৱক উপস্থাপন কৰা হৈছে “Fade In” ত। Peerpal প্ৰডাকচন হাউচৰ বেনাৰত অংকুৰ ডেকাৰ কাহিনী তথা পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখন বৰ্তমান উপলদ্ধ www.moviesaints.com ত। ৬০০ টকীয়া বাজেটেৰে নিৰ্মিত এই চুটি ছবিখন প্ৰায় ২০ খনতকৈও অধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ উপৰিও ই প্ৰশংসা লাভ কৰিছে দৰ্শকৰ। ইয়াৰ উপৰিও, ৫০ ঘণ্টাত এই ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছিল।

প্ৰত্যাহ্বান সামৰি আগবঢ়া নৱপ্ৰজন্মৰ কাহিনীৰে চুটি ছবি "Fade In"- 3


অংকিত শাণ্ডিল্য, মুুকুত নাথ, নীল বৰ্মণ, শশাংক দাস, অমবৰিশ ফুকন, গৌতম বৰুৱা আৰু চন্দ্ৰজিৎ বাৰিকৰ অভিনয়ৰে নিৰ্মিত চুটি ছবিখনৰ চিত্ৰনাট্য আছিল নীল বৰ্মণৰ। সহঃ পৰিচালকৰ দায়িত্বত আছিল ৰূপ চাওঁ ফ্ৰুংমুং তথা চুটি ছবিখনৰ চিনেমেটো’গ্ৰাফী কৰিছিল চন্দ্ৰ কুমাৰ দাসে। শব্দ সংমিশ্ৰণ ত্ৰিহাংকু লহকৰৰ লগতে ইয়াত লোকেশ্বন চাউণ্ড আছিল বিশাল নাথৰ। কেশান তথা কৌস্তভ বৰাৰ প্ৰযোজনাৰে ছবিখনৰ সম্পাদনা,সংগীত তথা কালাৰিষ্টৰ দায়িত্ব বহন কৰিছিল হীৰক জ্যোতি পাঠকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform