Rupaliparda.com
ঋষি কাপুৰৰ কেতিয়াও কোনো অইন নাৰীৰ সৈতে হ'ব নোৱাৰে সম্পৰ্ক! ক'লে নিতু কাপুৰেঃ 1

ঋষি কাপুৰৰ কেতিয়াও কোনো অইন নাৰীৰ সৈতে হ’ব নোৱাৰে সম্পৰ্ক! ক’লে নিতু কাপুৰেঃ

ঋষি কাপুৰৰ দেহাৱসনাৰ পিছতো তেওঁৰ স্মৃতিয়ে সকলোকে মৰ্মাহত কৰি ৰাখিছে। এটা-দুটাকৈ ঋষি কাপুৰৰ পূৰণি দিনৰ কাহিনী ওলাই আহিছে এতিয়া জনসাধাৰণৰ মাজত; এই কাহিনীবোৰ হয়টো কোনোৱে কেতিয়াও নাই শুনা। ঋষি কাপুৰ তথা নীতু কাপুৰৰ এটি ভিডিঅ’ ভাইৰেল হৈছে বৰ্তমান চচিয়েল মিডিয়াত। উক্ত ভিডিঅ’টো এটা শ্বো’ ৰ হয়; য’ত নিতু কাপুৰে ঋষি কাপুৰক উপলুঙা কৰি কৈছিল যে তেওঁ ৰোমান্টিকো নহয় লগতে ঋষি কাপুৰৰ অইনৰ লগত কোনো সম্পৰ্কও থাকিব নোৱাৰে।

ঋষি কাপুৰৰ কেতিয়াও কোনো অইন নাৰীৰ সৈতে হ'ব নোৱাৰে সম্পৰ্ক! ক'লে নিতু কাপুৰেঃ 2

কাৰণ, ঋষি কাপুৰক যদি কোনোৱে খবৰ কি বুলিও প্ৰশ্ন কৰে তেতিয়া তেওঁ এনেদৰে চাই যে মানুহ গৰাকী পলাই যায়। ইয়াৰ উপৰিও নিতু কাপুৰে তেওঁলোকৰ সম্পৰ্কত অহা উঠা-নমা বিষয়ে ব্যক্ত কৰাৰ লগতে ভিডিঅ’টোত তেওঁ ঋষি কাপুৰক এৰি আঁতৰি থকা কেইবাটাও উপায় আছিল বুলিও ব্যক্ত কৰে। কিন্তু, ঋষি কাপুৰৰ গাত কিছু ভাল গুণ থকা বাবেই তেওঁ ঋষি কাপুৰক এৰি দিব নোৱাৰে বুলি কয়।

ঋষি কাপুৰৰ কেতিয়াও কোনো অইন নাৰীৰ সৈতে হ'ব নোৱাৰে সম্পৰ্ক! ক'লে নিতু কাপুৰেঃ 3


উল্লেখ্য যে,১৯৮০ চনত ঋষি-নিতু বিবাহ পাশত আৱদ্ধ হৈছিল আৰু বহু ধুমধামেৰে এই বিবাহ সম্পন্ন হৈছিল। ৰিদ্ধিমা আৰু ৰণৱীৰ হৈছে তেওঁলোকৰ সন্তান। ঋষি কাপুৰৰ মৃত্যুত নিতু কাপুৰে তেওঁৰ বিভিন্ন ফটো আপলোড কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.