বলীউড অভিনেতা অনুপম খেৰ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকা দেখিবলৈ পোৱা যায়। তেওঁ প্ৰায়ে সমাজ ব্যৱস্থা তথা সমসাময়িক বিষয়সমূহক লৈ টুইট কৰা দেখিবলৈ পোৱা যায়। তেওঁ এনেদৰে কৰা টুইট সমূহে আছলতে কেতিয়াবা বিতৰ্কিত হৈ চৰ্চাও লাভ কৰে। সম্প্ৰতি “লক-ডাউন” ৰ ফলত চৰকাৰে বহুখিনি ব্যৱস্থা লৈছে যদিও এই নীতি নিৰ্দেশনা সমূহ বহু লোকে উলংঘাও কৰিছে। ফলত এই সমূহ লোককেই উদ্দশ্যি অনুপম খেৰে এক টুইট প্ৰদান কৰে।

তেওঁ টুইট কৰি কয় যে, “কিছু লোকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৰকাৰৰ ব্যৱস্থাপনা সমূহ উলংঘা কৰাৰ লগতে অসফল কৰাৰ প্ৰয়াস কৰি আছে; কিন্তু তেওঁলোক এই কামত সফল হোৱাটো অসম্ভৱ। ইয়াৰো দুই কাৰণ আছে; এটা হ’ল যিয়ে চৰকাৰৰ ব্যৱস্থাক অসফল কৰাৰ চেষ্টা কৰিছে তেওঁলোকৰ ইমানেই বেয়া ৰেকৰ্ড আছে যে তেওঁলোকক বিশ্বাস কৰিব পৰা নাযায়।
আনহাতে দুই নম্বৰ কাৰণটো হৈছে শুদ্ধ প্ৰয়াস বোৰত শুদ্ধতা থাকে।” অনুপম খেৰৰ এই টুইটোত বৰ্তমান বিভিন্ন জনে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
Add comment