আকৌ এটি নতুন গীতৰ সৈতে আহি আছে কন্ঠশিল্পী নীল আকাশ। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ “অ’ আকাশ” গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনপ্ৰিয়তা। “লক-ডাউন” ৰ মাজতেই অনুৰাগীক কিছু সকাহ দিয়াৰ মানসেৰে মুক্তি কৰি দিয়া হৈছিল উক্ত গীতটি। পুনৰ বাৰ “মেঘালী” শীৰ্ষক গীতটিৰ সৈতে শ্ৰোতাৰ মাজত আহিবলৈ সাজু হৈছে নীল আকাশ। প্ৰায় আটাইবোৰ গীতেৰেই জনপ্ৰিয় নীল আকাশ বৰ্তমানৰ এগৰাকী জনসাধাৰণৰ শীৰ্ষস্থানত থকা শিল্পী। তেওঁৰ গীত সমূহক লৈ উৎসাহিত হৈ থকাও দেখিবলৈ পোৱা যায় একাংশক। আচলতে, গীত সমূহৰ মাজেৰে জনসাধাৰণক কিবা এটা নতুন প্ৰদান কৰাৰ চেষ্টাও নকৰা নহয় তেওঁ।

প্ৰথম “হুঁচৰি বিহু” ত নাচি তাৰ পিছত কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি সংগীত জীৱনৰ আৰম্ভণি কৰিছিল নীল আকাশে। তেওঁৰ যাত্ৰাটোৰ মাজতেই লুকাই আছে তেওঁৰ কষ্ট ও সংগ্ৰাম; নীল আকাশৰ প্ৰথম একক এলবাম আছিল “বিহুৱান”; তাৰ পিছত একেটা বৰ্ষত অৰ্থাৎ ২০১৬ ত তেওঁ মুক্তি কৰে তেওঁৰ আনটো এলবাম “এনাজৰী।” উক্ত দুয়োটা এলবামতেই পোৱা জনসাধাৰণৰ বহুল সঁহাৰিয়ে নীল আকাশক বৰ্তমান এই স্থানত প্ৰতিষ্ঠিত কৰিছে।
Add comment