Rupaliparda.com
"মিডনাইট ছং" ৰ বিশ্বমুখী জয়যাত্ৰাঃ অক্টোবৰত লাভ কৰিব মুক্তি- 1

“মিডনাইট ছং” ৰ বিশ্বমুখী জয়যাত্ৰাঃ অক্টোবৰত লাভ কৰিব মুক্তি-

বৰ্তমান সময়ছোৱাৰ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে “ক’ভিড ১৯” তথা “লক-ডাউন”। কেউদিশে হোৱা হাঁহাকাৰ পৰিস্থিতিয়ে বৰ্তমান জনসাধাৰণক বিপদত পেলাইছে। বিগত দুদিনত অসমবাসীয়ে কিছু সকাহ লাভ কৰিছে যদিও আতংক এতিয়াও আঁতৰা নাই। “লক-ডাউনে” প্ৰভাৱ বিস্তাৰ কৰিব পৰা কেইবাখনো ক্ষেত্ৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে সংবাদপত্ৰ-মাধ্যমত। কিন্তু এই “লক-ডাউনে” অসমীয়া চলচিত্ৰ ক্ষেত্ৰত মাধমাৰ নমৰা হ’লে হয়টো বৰ্তমান সময়লৈ মুক্তি লাভ কৰিলেহেঁতন ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ ছবি। মুক্তি লাভ কৰিবলগীয়া ছবিসমূহৰ ভিতৰত অন্যতম ছবিখন আছিল “মিডনাইট ছং (Midnight Song)”। নৱাগত পৰিচালক অৰুণজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাভ কৰিছে দৰ্শকৰ সমাদৰ। জানিব পৰা মতে, চলিত বৰ্ষৰ অক্টোবৰ মাহত ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি দিয়াৰ কথা আছে উক্ত ছবিখন।

"মিডনাইট ছং" ৰ বিশ্বমুখী জয়যাত্ৰাঃ অক্টোবৰত লাভ কৰিব মুক্তি- 2


এগৰাকী নৱাগত পৰিচালক ৰূপে অৰুণজিৎ বৰাই লাভ কৰা সফলতাই আচলতে গৌৰন্বিতও কৰি তুলিছে প্ৰত্যেককে। India International Film Festival of Boston ৰ লগতে Nepal International Film Festival ত ছবিখনে লাভ কৰা মনোনয়নে ছবিখনৰ বিশ্বমুখী জয়যাত্ৰাৰ কথা ইতিমধ্যে সোঁৱাৰাইছে। ইয়াৰ উপৰিও, ছবিখনে ফ্ল’ৰেন্স ফিল্ম এৱাৰ্ডছ ইটালী তথা Drook International Film Festival ত সন্মান লাভ কৰাৰ লগতে ছবিখনৰ পৰিচালক অৰুণজিৎ বৰাই নিউয়’ৰ্ক চিনেমেটো’গ্ৰাফী এৱাৰ্ডছত নৱাগত পৰিচালকৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। কেৱল মাত্ৰ এয়াই নহয়; বিভিন্ন ঠাইত প্ৰদৰ্শনীৰ মনোনয়ন লাভ কৰাৰ লগতে ছবিখনত অভিনীত শিল্পী সমূহেও ছবি সমাৰোহৰ বিভিন্ন শিতানত মনোনয়ন লাভ কৰে।

"মিডনাইট ছং" ৰ বিশ্বমুখী জয়যাত্ৰাঃ অক্টোবৰত লাভ কৰিব মুক্তি- 3


“চাচপেন্স থ্ৰীলাৰ” ধৰ্মী এই ছবিখনত তথাকথিত সম্পৰ্কৰ জটিলতা ও বান্ধোনক উপস্থাপন কৰা হৈছে। ৰূপম চেতিয়া, কল্পনা কলিতা তথা মনোজ বৰকটকীৰ অভিনয়েৰে এই ছবিখনৰ কাহিনী লিখিছে সঞ্জীৱ গিৰিৱেৰে। উক্ত ছবিখনৰ প্ৰযোজক অপৰাজিতা ভূঞা লগতে ইয়াৰ সহকাৰী প্ৰযোজক হৈছে মধুমিতা ভূঞা। অৰৱিন্দ য়াদৱৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰন্টু চেতিয়াৰ। ৰূপসজ্জা বিশ্ব কলিতাৰ লগতে ইয়াৰ প্ৰডাকচন মেনেজাৰ ৰূপে আছিল হিমেন বৰা। আনহাতে, পৰিচালনা টীমত আছিল নিৰুপম বৰবৰুৱা, দিলীপ দত্ত, সমৰ জ্যোতি সৰকাৰ আৰু য়তিস্মা তিৱাৰী। উল্লেখ্য যে, ছবিখনত এটাই মাত্ৰ গীত আছে; যাক ইংৰাজী আৰু অসমীয়া দুটা সংস্কৰণত ভাগ কৰা হৈছে। গীতটিৰ সুৰ আৰু সংগীত পৰিচালনা কৰাৰ লগতে ইয়াৰ ইংৰাজী ভাগত কন্ঠদান কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয় Meghan Scott য়ে আৰু অসমীয়া ভাগত কন্ঠদান কৰিছে জনপ্ৰিয় জুবলী বৰুৱাই। গীতটি লিখিছে ৰাজদ্বীপে আৰু গীতটিত শব্দ সংমিশ্ৰণ কৰিছে যতীন শৰ্মাই।

"মিডনাইট ছং" ৰ বিশ্বমুখী জয়যাত্ৰাঃ অক্টোবৰত লাভ কৰিব মুক্তি- 4


ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰ অম্বৰ দাসৰ লগতে ইয়াত চাউণ্ড ডিজাইন আৰু RR মিস্কাৰ কৰিছে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান দেৱজিৎ চাংমাইয়ে। বহু ঠাইত সুখ্যাতি অৰ্জন কৰা এই ছবিখনে দৰ্শকক যে নতুনত্বৰ সোঁৱাদ দিব পাৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে; ছবিখনৰ মুক্তিক লৈও উৎসাহী এতিয়া বহুলোক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform