Rupaliparda.com
বিগ বাজেট ছবিৰ টাৰ্গেট হ'ব বিভিন্ন উৎসৱঃ ক'লে তৰণ আদৰ্শে 1

বিগ বাজেট ছবিৰ টাৰ্গেট হ’ব বিভিন্ন উৎসৱঃ ক’লে তৰণ আদৰ্শে

চুপাৰষ্টাৰ ছলমান খানৰ ছবিক লৈ অনুৰাগী উৎসাহী হৈ থকা দেখিবলৈ পোৱা যায়। তেওঁৰ আগন্তুক ছবি “ৰাধে” ও বিগত বহু দিন ধৰি চৰ্চা লাভ কৰি আহিছিল। ছবিখনৰ প্ৰায় কাম সম্পন্ন হৈছিল যদিও শেষ ভাগৰ কিছু দিনৰ শ্বুটিং এতিয়াও বাকী আছিল।

বিগ বাজেট ছবিৰ টাৰ্গেট হ'ব বিভিন্ন উৎসৱঃ ক'লে তৰণ আদৰ্শে 2

কিন্তু বৰ্তমান “লক-ডাউন” ৰ ফলত সেয়া একেবাৰেই সম্ভৱপৰ হৈ উঠা নাই; ছবিখন ঈদৰ সময়ছোৱাত মুক্তি দিয়া কথা আছিল যদিও সেয়া বৰ্তমান কোনোপধ্যেই সঠিক নহয়। ছবিখনক উদ্দেশ্যি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এটিয়ে ছবি সমালোচক তৰণ আদৰ্শৰ সৈতে কথা পতাত সমালোচক গৰাকীয়ে “ৰাধে” ৰ উপৰিও বিভিন্ন বিগ বাজেটৰ ছবিৰ কথাও উল্লেখ কৰে।

বিগ বাজেট ছবিৰ টাৰ্গেট হ'ব বিভিন্ন উৎসৱঃ ক'লে তৰণ আদৰ্শে 3


তেওঁ কয় যে, “ৰাধে” ৰ বিষয়ে তাৎক্ষণিকভাৱে কোনো এটা কথা কয় দিব পৰা নাযায় যিহেটো এতিয়া কোনো সিদ্ধান্তই ল’ব পৰাত নাই।” তৰণ আদৰ্শে লগতে কয় যে বৰ্তমানৰ যিসমূহ বিগ বাজেট ছবি আছে সেই আটাইৰে টাৰ্গেট হ’ব আহিবলগীয়া উৎসৱ সমূহ যেনে দিপাৱলী, খ্ৰীষ্টমাছ, নৱবৰ্ষ আদি। কিন্তু ইয়াৰ উপৰিও, এই আটাইবোৰ মাত্ৰ একেটা কথাৰ ওপৰতেই নিৰ্ভৰ কৰিব যে কেতিয়াকৈ চিনেমা হ’লসমূহ খোলা হ’ব। গতিকে সম্প্ৰতি কোনো কথাই সঠিকভাৱে ক’ব পৰা নাযাব বুলি তেওঁ ব্যক্ত কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.