Rupaliparda.com
শূণ্যতাক সাৱটি "শুই থাক গুৱাহাটী"- 1

শূণ্যতাক সাৱটি “শুই থাক গুৱাহাটী”-

বিগত ৪০ দিনতকৈ অধিক গুৱাহাটী মহানগৰী স্তব্ধ হৈ আছে; এই স্তব্ধতাই কাৰোবাৰ বাবে সুখ কঢ়িয়াই আনিছে যদিও বহু লোক অনিশ্চয়তাত ভুগিছে। উল্লেখ্য যে, “কভিড ১৯” অথবা “লক-ডাউন” ক কেন্দ্ৰ কৰি বিগত দিনত কেইবাটিও গীতৰ সৃষ্টি হৈছে। কেইবাগৰাকীও কন্ঠশিল্পী একযোঁট হৈ এই গীতসমূহত কন্ঠদান কৰাও আমি দেখিছো। হিন্দীয়ে হওঁক অথবা অসমীয়াতেই হওঁক; গীতেৰেই জনসাধাৰণক কিছু সময়ৰ আমোদ দিয়াৰ চেষ্টা কৰিছে এতিয়া শিল্পী সকলে। এইবাৰ অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী জুবলীৰ কন্ঠৰে মুক্তি লাভ কৰিছে আন এটি গীত “শুই থাক গুৱাহাটী।” গুৱাহাটী মহানগৰীক বৰ্ণনা কৰি গীতটিক সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে।


জুবলীয়ে কন্ঠদান কৰা উক্ত গীতটিক বৰ্তমান আদৰিও লৈছে তেওঁৰ অনুৰাগী ও দৰ্শকে। গীতটি লিখাৰ লগতে ইয়াৰ পৰিচালনা কৰিছে দিগন্ত ভাৰতীয়ে। কেওঁদিশে হৈ পৰা শূণ্যতাক শব্দৰে সূতাত বান্ধি শ্ৰোতাৰ মাজলৈ আগবঢ়োৱা হৈছে গীতটিক। “শুই থাক গুৱাহাটী” ৰ Atmospherics ৰুমন গোঁহাইৰ লগতে প্ৰগ্ৰামাৰ হৈছে দীপকেশ বৰগোঁহাই। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে STACCATO ষ্টুডিঅ’ ত ডনী হাজৰিকাই লগতে গীতটিক বাণীবদ্ধ কৰিছে মুম্বাইস্থিত DI CHIMES ত মৌচম বৰাই।

শূণ্যতাক সাৱটি "শুই থাক গুৱাহাটী"- 2


গীতটিয়ে দৰ্শকৰ সমাদৰ লাভ কৰাৰ উপৰিও ইয়াক প্ৰশংসা কৰে কন্ঠশিল্পী দীপলিনা ডেকাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.