Rupaliparda.com
ডিজিটেল প্লেটফৰ্মে সাঙুৰিলে আন দুই ছবিৰ নামঃ 1

ডিজিটেল প্লেটফৰ্মে সাঙুৰিলে আন দুই ছবিৰ নামঃ

ক’ৰ’ণা ভাইৰাছৰ ফলত জনসাধাৰণ একগোট হ’ব পৰা প্ৰত্যেকটো অনুষ্ঠানেই বন্ধ কৰি ৰখা হৈছে। ইয়াৰ ফলত, কেতিয়াকৈ শ্বুটিং আৰম্ভ হ’ব অথবা কেতিয়াকৈ ছবিগৃহত চিনেমা মুক্তি কৰা হ’ব সেই আটাইবোৰেই একো একোটা প্ৰশ্ন। সম্প্ৰতি বহু ছবিক ডিজিটেল প্লেটফ্লৰ্মত মুক্তি দিয়াৰ কথা পাতি থকা হৈছে; য’ত বৰ্তমান সাঙুৰা হৈছে অভিনেত্ৰী জান্হৱী কাপুৰৰ “গুঞ্জন সক্সেনা” আৰু অনন্যা-ঈশান অভিনীত “খালী-পীলি”। দুয়োখন ছবিকেই বৰ্তমান OTT প্লেটফৰ্মত মুকলি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি জানিব পৰা গৈছে; Zee য়ে দুয়োখন ছবিকেই নিজৰ ফালে টনাৰ চেষ্টা চলাইছে। উল্লেখ্য যে, “গুঞ্জন সক্সেনা” ৰ কাম সমূহ সম্পূৰ্ণ হোৱাৰ পৰিৱৰ্তে “খালী পীলি” ৰ শেষ কিছু কাম বৰ্তমানলৈ বাকী আছে।

ডিজিটেল প্লেটফৰ্মে সাঙুৰিলে আন দুই ছবিৰ নামঃ 2
ডিজিটেল প্লেটফৰ্মে সাঙুৰিলে আন দুই ছবিৰ নামঃ 3


খবৰ অনুসৰি, দুয়োখন ছবিয়ে সুন্দৰ বিষয়বস্তুৰে নিৰ্মিত। “গুঞ্জন সক্সেনা” ক নেটফ্লিক্সে নিজৰ মাধ্যমত প্ৰদৰ্শিত কৰিব। কিন্তু বৰ্তমানলৈ ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া কৰা হোৱা নাই। এমেজন প্ৰাইম টাইমো ছবিখন ল’বলৈ শাৰী পাতিছিল যদিও ইয়াত জয়ী হয় নেটফ্লিক্স। আনহাতে, “খালী পীলি” ক লৈ বৰ্তমানেও কোনো তথ্য পোহৰলৈ অহা নাই। ছবিখনৰ মুক্তিপ্ৰাপ্ত ফাৰ্ষ্ট লুক পোষ্টাৰৰ দ্বাৰা দৰ্শক নিশ্চিত হৈছে যে ছবিখনত অনন্যা আৰু ইশানৰ এক সুন্দৰ যুগলবন্দী দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.