Rupaliparda.com
কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা- 1

কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা-

অৰ্জুন ৰেড্ডী অৰ্থাৎ সকলোৰে চিনাকী তেলেগু চুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডাৰ আজি জন্মদিন। ১৯৮৯ চনতৰ ৯ মে’ তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাই মুঠ ১৩ খন ছবিত অভিনয় কৰি বৰ্তমান দক্ষিণ ছবি ক্ষেত্ৰৰ এগৰাকী চুপাৰষ্টাৰ ৰূপে খ্যাতি লাভ কৰিছে। তেওঁৰ ছবি “অৰ্জুন ৰেড্ডী” ৰ ৰিমেক ৰূপে বলীউডত “কবীৰ সিং” নিৰ্মাণ হোৱাৰ পিছৰে পৰা তেওঁ বলীউডৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। বিজয় বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “ফাইটাৰ” ৰ বাবে। এই ছবিখনৰ দ্বাৰাই পোন প্ৰথমবাৰৰ বাবে তেওঁক বলীউডত দেখিবলৈ পোৱা যাব। তেওঁৰ বিপৰীতে এই ছবিখনত অভিনয় কৰিব বলীউড অভিনেত্ৰী অনন্যা পাণ্ডে। ইতিমধ্যে ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হৈছে যদিও “লক-ডাউন” ৰ ফলত শ্বুটিং স্থগিত কৰা হৈছে। শ্বুটিং সময়ছোৱাৰ বিভিন্ন পোষ্ট দুয়ো অভিনেতা-অভিনেত্ৰীয়ে চচিয়েল মিডিয়াত পোষ্ট কৰাত বিজয় বিগত দিনত ট্ৰোলৰো সন্মুখীন হৈছিল।

কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা- 2


কিছুদিন পূৰ্বে বিজয়ৰ এক ভিডিঅ’ ভাইৰেল হৈছিল য’ত ক’ৰবালৈ গৈ থকা অৱস্থাত পিছলিবলৈ ধৰাত তেওঁক সহায় আগবঢ়াইছিল তেওঁৰেই বডীগাৰ্ড দুগৰাকীয়ে। তেওঁৰ এই ভিডিঅ’টোত বিভিন্ন জনে বিভিন্ন কমেন্ট কৰাৰ লগতে একাংশই অনন্যাকো কমেন্টৰ মাজলৈ টানি আনে। এইধৰণে বিভিন্ন সময়ত দৰ্শকৰ নজৰত থকা দেখিবলৈ পোৱা যায় উক্ত অভিনেতা গৰাকীক।

কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা- 3


“ফাইটাৰ” ছবিখন পুৰী জগন্নাথে পৰিচালনা কৰিছে লগতে ইয়াৰ প্ৰযোজনাৰ দায়িত্বত আছে কৰণ জহৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.