Rupaliparda.com
আকৰ্ষণে ল'ব পাৰে আগ্ৰাসনত! কিন্তু কেনেকৈ?? উপভোগ কৰক "The Cup"- 1

আকৰ্ষণে ল’ব পাৰে আগ্ৰাসনত! কিন্তু কেনেকৈ?? উপভোগ কৰক “The Cup”-

কেতিয়াবা কোনো বস্তুৰ প্ৰতি আকৰ্ষিত হৈ প্ৰত্যেকটো সময়ত বস্তুবিধৰ প্ৰতি ভাবি পাইছেনে? বস্তুবিধক কেনদৰে আহৰণ কৰিব পাৰি অথবা কেনেদৰে ইয়াৰ ভালৰো ভাল সংস্কৰণৰ আয়ত্ব কৰিব পাৰি তাৰ বাবে দূৰ্বাৰ হেঁপাহ ৰাখি পাইছেনে? হয়, এনে এবিধ নিৰ্দ্দিষ্ট বস্তুক লৈ আমি সকলোৱে জীৱনত এবাৰলৈ হ’লেও আকৰ্ষিত হওঁ। আচলতে, কোনো বস্তুৰ প্ৰতি থকা আকৰ্ষণে প্ৰায় এজন ব্যক্তিক ইমানেই অধিক আকৃষ্ট কৰি তোলে যে সেই বস্তুটোক তেওঁ সকলো ক্ষেত্ৰতেই বিচাৰিবলৈ চেষ্টা কৰে অথবা মানসিকভাৱে তেওঁ বস্তুবিধৰ আগ্ৰাসনত সোমাই পৰে। স্ব-অনুভৱ নকৰাকৈ তেওঁ মাত্ৰ সোমাই গৈ থাকে; কিন্তু এই হেঁপাহ যদি কাৰোবাৰ একাপ ভাল চাহ খোৱাকলৈ থাকে?? আপুনি ঠিকেই বুজিছে; সম্প্ৰতি আপোনালোকে চাবলৈ পোৱা কেইবাখনো চুটি ছবিৰ ব্যতিক্ৰমী বিষয়বস্তুৰ সমান্তৰালকৈ “The Cup” শীৰ্ষক চুটি ছবিখনেও বৰ্তমান আকৰ্ষণ কৰিছে দৰ্শকক।

আকৰ্ষণে ল'ব পাৰে আগ্ৰাসনত! কিন্তু কেনেকৈ?? উপভোগ কৰক "The Cup"- 2


প্ৰত্যেকটো বস্তুৰ অতিমাত্ৰাটো সদায় ভয়ংকৰ। এক সীমাবদ্ধতা সকলোতেই থকা উচিত যদিও মনুষ্য কেতিয়াবা তেওঁৰ প্ৰিয় বস্তুটোক বিচাৰ বিচাৰি ক’ব নোৱাৰাকৈ সোমাই যায় এক অইন জগতত। মনে বিচৰা বস্তুবিধ নোপোৱাৰ ফলত মানসিক ভাৱে ভাঙি পৰাও দেখিবলৈ পোৱা যায় একাংশক। উল্লেখ্য যে, নৱপ্ৰজন্মৰ প্ৰতিভাশালী যুৱক কেইগৰাকী মানৰ প্ৰচেষ্টাৰে নিৰ্মিত “The Cup” য়ে ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ছবি সমাৰোহত বঁটা।

আকৰ্ষণে ল'ব পাৰে আগ্ৰাসনত! কিন্তু কেনেকৈ?? উপভোগ কৰক "The Cup"- 3


সপ্তৰ্ষি গগৈ পৰিচালনা তথা চিত্ৰনাট্যৰে নিৰ্মিত চুটি ছবিখনৰ কাহিনী হৈছে প্ৰতীক দাসৰ। আকাশদ্বীপৰ চিত্ৰগ্ৰহণেৰে ছবিখনত অভিনয় কৰিছে বনদীপ শৰ্মাই। চুটি ছবিখনৰ শব্দ দায়িত্বত আছিল জয় আৰু সম্পাদনা হৈছে দেৱাশীষ প্ৰতীম শৰ্মাৰ। ইয়াৰ সহঃপৰিচালক হিচাপে আছিল ত্ৰিদীপ বুজৰবৰুৱা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform