Rupaliparda.com
"যাত্ৰা… এখন ছবিৰ "- এখন চিনেমাৰ আঁৰৰ কাহিনীঃ 1

“যাত্ৰা… এখন ছবিৰ “- এখন চিনেমাৰ আঁৰৰ কাহিনীঃ

দৰ্শকক মনোৰঞ্জন কৰোৱাৰ অভিনৱ প্ৰচেষ্টাসমূহ ইতিমধ্যে আপোনালোকে দেখিছে। গীত, নৃত্য, কবিতা, চুটি ছবি আদি বিভিন্ন সৃষ্টিশীল কথাৰে আগবঢ়া অসমীয়া শিল্পী সমূহে প্ৰায়ে জনসাধাৰণক এনে আতংকময় পৰিস্থিতিৰ মাজতো কিছু সময় সকাহ দিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এনে এক অভিনৱ প্ৰচেষ্টাৰে এইবাৰ আগবাঢ়িছে নৱপ্ৰজন্মৰ পৰিচালক মানস বৰুৱা। এখন ছবিৰ আঁৰৰ ছবিখন দেখুৱাবলৈ পৰিকল্পনা কৰিছে এতিয়া পৰিচালক গৰাকীয়ে। “যাত্ৰা… এখন ছবিৰ” শীৰ্ষক এই প্ৰকল্পটোত তেওঁ কিছুমান পূৰণি ছবিক লৈ সেইবোৰৰ নিৰ্মাণৰ যাত্ৰাটোক দেখুৱাবলৈ প্ৰয়াস কৰিব। অৰ্থাৎ, এখন ছবি নিৰ্মাণৰ ক্ষেত্ৰত বহু পৰিকল্পনা, সংলাপ যুগুতোৱা তথা শ্বুটিং কৰা সময়ছোৱাত সংঘটিত কিছু ঘটনা-পৰিঘটনাক ৰোমন্থন কৰি তেওঁ নিৰ্মাণ কৰি উলিয়াব এখন অসমীয়া ওৱেব চিৰিজ “যাত্ৰা… এখন ছবিৰ।”

"যাত্ৰা… এখন ছবিৰ "- এখন চিনেমাৰ আঁৰৰ কাহিনীঃ 2


উক্ত চিৰিজ খনৰ প্ৰতিটো খণ্ডৰ বাবে একোখনকৈ ছবি লোৱা হ’ব আৰু সেই ছবিখনত থকা কলা-কুশলীৰ দ্বাৰা তাৰ আঁৰৰ কাহিনীক ব্যক্ত কৰিবলৈ দিয়া হ’ব। সময়ৰ সোঁতত পূৰণি ছবি এখনৰ বহু কথা, চৰিত্ৰ তথা কাহিনী হেৰাই যোৱাৰ বাবেই আকৌ এবাৰ দৰ্শকৰ সন্মুখলৈ ইয়াক লৈ অনাৰ প্ৰয়াস কৰিছে মানস বৰুৱাই। ৰূপালী পৰ্দাৰ সৈতে হোৱা কথা-বতৰাত মানস বৰুৱাই জনায় যে, “মোৰ পিতৃ মুনীন বৰুৱাৰ সৈতে মই বহু বছৰ কাম কৰিলো যদিও মনলৈ নাহিল যে কিছু কিছু বস্তু ডকুমেন্টৰী হিচাপে কৰি ৰাখিব লাগে। কিন্তু এতিয়া যিহেটো “লক-ডাউন”, গতিকে বহু মানুহ এনেই আছে; সেইবাবেই মোৰ মনলৈ ভাৱ আহিল যে আমাৰ জনসাধাৰণে এখন ছবিৰ আঁৰৰ কাহিনীভাগ জানিবলৈ মন কৰে যদিও নোৱাৰে জানিবলৈ। ইয়াৰ বাবেই মই ইয়াৰ প্ৰয়াস কৰিছো। আগন্তুক প্ৰজন্মইও হয়টো ইয়াৰ সোঁৱাদ লাভ কৰিব।”

https://www.youtube.com/channel/UCFKfXd3v50BNc6n92pjrzLg

"যাত্ৰা… এখন ছবিৰ "- এখন চিনেমাৰ আঁৰৰ কাহিনীঃ 3


উল্লেখ্য যে, ওৱেব চিৰিজ খনৰ প্ৰথম খণ্ডৰ আৰম্ভণি হ’ব “প্ৰভাতী পখীৰ গান” ছবিখনৰ মাজেৰে। ওৱেব চিৰিজ খন মুক্তি দিয়া হ’ব Zeal Creation নামে এক নতুনকৈ খোলা ইউটিউব চেনেলত। ইয়াৰ পিছতেই মানস বৰুৱাই পিতৃ মুনীন বৰুৱাৰ ছবি সমূহৰ আঁৰৰ ছবিখন জনসাধাৰণ মাজলৈ আনিব। জিল ক্ৰিয়েচন আৰু মানস বৰুৱাৰ প্ৰযোজনাৰে নিৰ্মিত এই ওৱেব চিৰিজ খনৰ শীৰ্ষ গীতটিৰ দায়িত্বত আছে পৰাণ বৰকটকী (জজ)। আনহাতে, গীতটিৰ কথা শশাংক সমীৰৰ আৰু এই চিৰিজ খনৰ সম্পূৰ্ণ ৰূপে পৰিচালনা কৰিব মানস বৰুৱাই আৰু তেওঁৰ সৈতে পৰিচালনা টীমত থাকিব অনুপম বৈশ্য আৰু হেমন্ত গগৈ। চিৰিজ খনৰ সম্পাদনা কৰিব প্ৰতীম খাউণ্ড।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform