Rupaliparda.com
ক্ৰমশঃ জনপ্ৰিয়তাৰ পথত সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত এটি নাম হিমশেখৰ বৰঠাকুৰ- 1

ক্ৰমশঃ জনপ্ৰিয়তাৰ পথত সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত এটি নাম হিমশেখৰ বৰঠাকুৰ-

জনপ্ৰিয় নহ’লেও একোগৰাকী শিল্পীৰ কন্ঠই আকৰ্ষণ কৰে শ্ৰোতাক। ইয়াৰ উদাহৰণত হয়টো বহুতৰ নাম ক’ব পাৰিব সকলোৱে। তেনে এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পী হৈছে হিমশেখৰ বৰঠাকুৰ। ইতিমধ্যে মুক্তিপ্ৰাপ্ত তেওঁৰ বহুকেইটা গীতে দৰ্শক ও শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নিজ ৫ বছৰ বয়সৰ পৰাই হিমশেখৰে আৰম্ভ কৰিছে নিজ সংগীত জীৱনৰ যাত্ৰা। গুৰু প্ৰয়াত মানিক দাস লগতে ড° প্ৰশান্ত বৰদলৈ আৰু কল্পনা ভাগৱতীৰ তত্ত্বাৱধানত সংগীতৰ শিক্ষা আৰম্ভ কৰা হিমশেখৰে সংগীতকেই নিজৰ সৰ্ব্বোচ্ছ জ্ঞান কৰি ইয়াক নিজ জীৱনৰ পেছাৰূপে গ্ৰহণ কৰিছে। যোৱা ১৫ বছৰ পূৰ্বৰ পৰা তেওঁ গুৰু শ্ৰী যুত চন্দন বৰুৱাৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে। কেৱল মাত্ৰ কন্ঠদান কৰাই নহয়; তেওঁ কেইবাখনো চুটি ছবি অথবা গীতত সংগীত পৰিচালক ৰূপেও দায়িত্ব বহন কৰিছে। ব্যক্তিৰ শিকাৰ ইচ্ছাই তেওঁক এজন ভাল শিক্ষাৰ্থী ৰূপে গঢ় দিয়াৰ ফলতেই হয়টো বহু শিল্পী, কলা-কুশলীয়ে বৰ্তমানেও শিকাৰ যাত্ৰা অব্যাহত ৰাখি পেছা সমূহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে।

ক্ৰমশঃ জনপ্ৰিয়তাৰ পথত সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত এটি নাম হিমশেখৰ বৰঠাকুৰ- 2
ক্ৰমশঃ জনপ্ৰিয়তাৰ পথত সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত এটি নাম হিমশেখৰ বৰঠাকুৰ- 3


ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কিছু বতৰা যোগে হিমশেখৰ বৰঠাকুৰক তেওঁৰ বাবে সংগীত কি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীতটোক গৱেষণা আৰু শিক্ষা মূলক (research study) হিচাপে কৰি আমেজ পাওঁ। অসমীয়া গীতৰ কথা তথা ভাৱবোৰৰ “blues genre aru indie genre” ওপৰত বৰ্তমান কাম কৰাৰ প্ৰয়াস কৰিছো। মই ভাল গীত বোৰ গামেই কিন্তু গীত ভাল গোৱাৰো চেষ্টা সদায় অব্যাহত ৰাখিম।” ২০০৯ তথা ২০১২ চনত মুক্তিপ্ৰাপ্ত ৬ টাকৈ গীত সংযুক্ত তেওঁৰ দুটি এলবাম ক্ৰমে “ৰূপান্তৰ” আৰু “প্ৰত্যাশা” ক আদৰি লোৱা দেখিবলৈ পোৱা গৈছিল বিভিন্ন জনক।


ইয়াৰ উপৰিও, কেইবাটাও একক গীতত কন্ঠদান কৰা হিমশেখৰৰ প্ৰকল্প “প্ৰহৰ” ৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কেইটিমান গীত হৈছে ক্ৰমে প্ৰলাপ, “The Silence and “October Love” । তেওঁৰ গীত সমূহ “Himsekhar(Dream)” নামৰ এটি ইউটিউব চেনেলযোগে উপভোগ কৰিব পাৰিব দৰ্শকে। ।উল্লেখ্য যে, উক্ত শিল্পী গৰাকীয়ে অসমীয়া লোকসংগীত বিশেষকৈ “ভাটিয়ালী” গীতৰ ক্ষেত্ৰতো কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। “পথিক” শীৰ্ষক এটি বাটৰ গীত পৰিবেশন কৰা সাংস্কৃতিক দল (street jamming band) সৈতেও ওতঃ প্ৰোত ভাৱে জড়িত হিমশেখৰ বৰঠাকুৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform