এগৰাকী নাৰীৰ অন্তৰ্নিহিত ইচ্ছা-আকাংশা বোৰ জানিবলৈ চেষ্টা কৰা হয়নে? সমাজত মূৰ থিয় কৰি খোজ দিবলৈ হ’লে প্ৰত্যেকটো সময়ত ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হ’ব লাগে একোগৰাকী নাৰীয়ে। এগৰাকী নাৰীক কেন্দ্ৰ কৰি নিৰ্মিত বহু পূৰ্ণদৈৰ্ঘ্যৰ ছবি আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে। সুকলমে জীৱন পথত খোজ দিয়া স্বত্বেও প্ৰশ্ন কিয় কৰা হয় নাৰীক? ইয়াৰ উত্তৰত হয়টো হুমুনিয়াহৰ বাদে আন একো উত্তৰেই নাথাকিব কাৰো ওচৰত। পূৰ্ণদৈৰ্ঘ্যৰ ছবি নহয়; এইবাৰ এগৰাকী নাৰীৰ ইচ্ছা-অনিচ্ছাক আদিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এখন চুটি ছবি “একুৰা”। মুম্বাইস্থিত Zee Institute of Media Arts ৰ পৰা শিক্ষা গ্ৰহণ কৰা ধ্ৰুৱ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ কৰা হ’ব এই চুটি ছবিখন। “লক-ডাউন” ৰ সমাপ্তিৰ পিছতেই আৰম্ভ হ’ব চুটি ছবিখন নিৰ্মাণৰ কাম।

এগৰাকী নাৰীৰ স্বামী মৃত্যু পিছত তেওঁৰ জীৱনৰ আধা বাট তাতেই সমাপ্ত হৈ পৰে। তেওঁলোকৰ আশাবোৰে পাখি মেলাৰ পূৰ্বেই যেন কাটি পেলোৱা হয়। সমাজে বান্ধি দিয়া তথাকথিত নীতি উলংঘা কৰা পিছতেই নাৰী গৰাকীক সমাজৰ দ্বাৰা কিছু অসহনীয় নাম দিয়া হয়। এনে এক কাহিনীৰ ভিত্তিতেই নৱপ্ৰজন্মৰ এই গৰাকী পৰিচালকে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলাইছে “একুৰা”।

কুকিল প্ৰতীম শইকীয়াৰ বিষয়বস্তুৰে নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য প্ৰাঞ্জল গৈয়াৰীৰ। ছবিখনৰ প্ৰযোজনা b² moving pictures আৰু ইয়াৰ সহঃ প্ৰযোজক ৰূপে আছে Dtronics Media Works ৰ। ৰিয়ান দীপেন নাথৰ সহঃ পৰিচালনাৰে চুটি ছবিখনৰ শব্দ ধ্ৰুৱ হাজৰিকাৰ। ইয়াত অন্তৰ্ভূক্ত গীতৰ কথা ডানিশৰ লগতে সংগীত প্ৰযো জনা চন্দন মহন্তৰ। গীতটিত কন্ঠদান আৰু পৰিচালনা জোনাকী মনৰ। ইয়াৰ সহঃপৰিচালক নিহাৰ জে দাস।
Add comment