Rupaliparda.com
টিক-টকৰ দ্বাৰা প্ৰাপ্ত ৫ কোটিৰ অনুদান উৰ্বশী ৰাতৌলাৰঃ 1

টিক-টকৰ দ্বাৰা প্ৰাপ্ত ৫ কোটিৰ অনুদান উৰ্বশী ৰাতৌলাৰঃ

কভিড ১৯ য়ে জনসাধাৰণক সন্ত্ৰাসগ্ৰস্ত কৰি তোলা সময়ছোৱাতে একাংশ চিলেব্ৰেটীৰ মানৱীয়তাই দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। তেওঁলোকে কৰা সহায়-সাৰথিৰ দ্বাৰা বহু লোকে আকৌ জীয়াই থকাৰ উৎসাহ লাভ কৰিবলৈ হয়টো সক্ষম হৈছে। এনে বহু চিলেব্ৰেটীৰ উদাহৰণ আমি ইতিমধ্যে পাইছো। এইবাৰ এই তালিকাখনত অন্তৰ্ভূক্ত হৈ পৰিছে আন এজনী অভিনেত্ৰী উৰ্বশী ৰাতৌলা। লক-ডাউনৰ মাজতেই নিজ কৰ্মৰ দ্বাৰা তেওঁ এই টকাটো গোটাবলৈ সক্ষম হৈছে। আচলতে, উৰ্বশীয়ে টিক-টক জৰিয়তে এটি লাইভ ক্লাছ আৰম্ভ কৰে; য’ত তেওঁ ঝুম্বা আৰু লেটিন ডেন্সৰ বাবে তেওঁৰ সৈতে টিক-টকত জড়িত হ’বলৈ আহ্বান জনায় দৰ্শকক। উল্লেখ্য যে, তেওঁৰ টিক-টকৰ এনে লাইভ অনুষ্ঠানত তেওঁৰ সৈতে জড়িত হৈ পৰে ১৮ মিলিয়ন ভিউৱাৰচ।

টিক-টকৰ দ্বাৰা প্ৰাপ্ত ৫ কোটিৰ অনুদান উৰ্বশী ৰাতৌলাৰঃ 2


তেওঁৰ এনে ভিউৱাৰচৰ বাবে তেওঁ লাভ কৰে ৫ কোটি টকা আৰু এই সমগ্ৰ টকা তেওঁ আগবঢ়ায় চৰকাৰলৈ; যাতে ইয়াৰ দ্বাৰা সহায় হ’ব পাৰে লোক সকলৰ। অভিনেত্ৰী গৰাকীয়ে নিজ পোষ্টটোৰ দ্বাৰা দৰ্শককো ধন্যবাদ জ্ঞাপন কৰি কয় যে, “কোনো দানেই সৰু-বৰ নহয়; আমি সকলো লগ হৈ বিশ্বৰ পৰা ইয়াক আঁতৰাব পাৰিম।”

টিক-টকৰ দ্বাৰা প্ৰাপ্ত ৫ কোটিৰ অনুদান উৰ্বশী ৰাতৌলাৰঃ 3


বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীম হোৱা এই অভিনেত্ৰী গৰাকীৰ এইবাৰৰ কৰ্মটোৱে তেওঁক অইনৰ সন্মুখত উচ্চ স্থান প্ৰদান কৰিছে। তেওঁক প্ৰশংসাও কৰিছে ভিন্ন জনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.