Rupaliparda.com
১৯৮০ চনৰ শিশুৰ মানসিক স্থিতিক উপস্থাপনেৰে ছবি "শৈশৱতে ধেমালিতে"- 1

১৯৮০ চনৰ শিশুৰ মানসিক স্থিতিক উপস্থাপনেৰে ছবি “শৈশৱতে ধেমালিতে”-

২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবিক প্ৰায় চলচিত্ৰ প্ৰেমী ৰাইজে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছিল। ছবিখনৰ নাম আছিল “শৈশৱতে ধেমালিতে”।ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহতো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। বিদ্যুৎ কটকীৰ কাহিনী তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখনত ১৯৮০ দশকৰ কেইটিমান শিশুৰ মানসিক দৃশ্যপটক উপস্থাপন কৰা হৈছিল। উক্ত দশকটোত অসমত সংঘটিত বিভিন্ন বোৰ আতংকয় পৰিস্থিতিয়ে এটি শিশুৰ মানসিক স্থিতিৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তাকেও দেখুওৱা হৈছিল ছবি “শৈশৱতে ধেমালিতে” (RAINBOW FIELDS) ত। Love International Film Festival (LIFF), USA ত বিভিন্ন শিতানত উক্ত ছবিখনে লাভ কৰিছিল মুঠ ৮ টা মনোনয়ন।

১৯৮০ চনৰ শিশুৰ মানসিক স্থিতিক উপস্থাপনেৰে ছবি "শৈশৱতে ধেমালিতে"- 2


৯০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ প্ৰযোজনা কৰিছিল ত্ৰিলক মালহোত্ৰা( India Stories Media & Entertainment Pvt Ltd) আৰু হৰিশ কে. আৰ ( India Stories Media & Entertainment Pvt Ltd) য়ে। ছবিখনত অভিনয় কৰিছিল ভিক্টৰ বেনাৰ্জী, দীপান্বিতা শৰ্মা, নকুল ভেইড, নাৱেড আচলম, বেবী জিয়া বৰুৱা, মাষ্টাৰ মাহাৰ্নভ মহন্ত, মাষ্টাৰ ঋষিৰাজ বৰুৱা, নিপন গোস্বামী, নিকুমণি বৰুৱা আৰু পঞ্চী বৰাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform