অভিনেতা কৰণ ৱাহী নিজ অভিনয়ক লৈ প্ৰায় চৰ্চা লাভ কৰে। কিছুদিন পূৰ্বে হটষ্টাৰত মুক্তিপ্ৰাপ্ত “হাণ্ডৰেড” ৱেব চিৰিজ খনত কৰা অভিনয়ক লৈও প্ৰশংসিত হৈছিল কৰণ ৱাহী। লক-ডাউনত তেওঁ কেনেদৰে সময় অতিবাহিত কৰিছে এই বিষয়ে সোধাত তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত নিজ কথা ব্যক্ত কৰে।

তেওঁ কয় যে, “লক-ডাউন” মোৰ বাবে সাধাৰণ দিনৰ দৰেই হয়; মই এতিয়া অকলেই আছো মোৰ ৰান্ধনী গৰাকীৰ সৈতে। গতিকে মোৰ খোৱা-বোৱাৰ চিন্তা নাই। মোৰ পিতৃ-মাতৃ যিহেতু দিল্লীতেই থাকে গতিকে মই এইকেইদিনত একো ব্যতিক্ৰম কৰা নাই যেনেদৰে অইনে কৰি আছে। সাধাৰণ দিনতো যেতিয়া মোৰ ওচৰত কাম নাথাকে তেতিয়া মই ঘৰতেই থাকো। মাত্ৰ পাৰ্থক্য এটাই যে, মোৰ যিসকল বন্ধু আগতে ঘৰলৈ আহিব পাৰিছিলে এতিয়া তেওঁলোক আহিব নোৱাৰে।”

যোৱা ৭ মাৰ্চ তাৰিখৰ পৰা কৰণ ৱাহী স্পেইনৰ পৰা উভতি আহি নিজ বাসগৃহত আছে। এয়াৰপৰ্টত তেওঁৰ পুংখানুপংখ ছেক-আপ কৰাৰ লগতে তেওঁৰ কিবা অসুবিধা হ’লে চিকিৎসককো জনাবলৈও দিয়ে। উল্লেখ্য যে, কৰণ ৱাহীৰ বহু প্ৰকল্প লক -ডাউন ৰ ফলত অনিশ্চিত কাললৈ ৰৈ গ’ল বুলি তেওঁ জানিবলৈ দিয়ে। কিছু দিন পূৰ্বে কৰণ ৱাহীয়ে নিজ মাতৃৰ ওজন কমোৱা যাত্ৰাটোৰ কথা ব্যক্ত কৰিছিল; ৬২ বছৰ বয়সত ১৮ কিলোগ্ৰাম ওজন কমোৱা কথা কয়।
Add comment