“লক-ডাউন” ৰ ফলত ছবি নিৰ্দেশক সকলে OTT প্লেটৰ্ফম যোগে ছবি সমূহ মুক্তি দিয়াৰ পৰিকল্পনা কৰা দেখিবলৈ পোৱা গৈছে। বলীউড ছবি “গোলাবো সিতাবো” ৰ পিছত এইবাৰ “শকুন্তলা দেৱী” বায়’পিক খনৰো প্ৰিমিয়াৰ কৰা হ’ব এমেজন প্ৰাইম যোগে। এই ছবিখনত বিদ্যা ৱালনে “হিউমেন কম্পিউটাৰ” ৰূপে জনাজাত গণিতজ্ঞ শকুন্তলা দেৱীৰ চৰিত্ৰ ৰূপায়ন কৰিব। এমেজনত ইয়াৰ মুক্তিৰ তাৰিখ বৰ্তমানেও দিয়া হোৱা নাই যদিও ইয়াৰ মুক্তিৰ খবৰ খাটাং কৰা হৈছে। এমেজন প্ৰাইম ভিডিঅ’ য়ে উক্ত বিষয়ত স্পষ্টীকৰণ দিয়ে আৰু কয় যে ২০০ খন দেশ আৰু ক্ষেত্ৰৰ দৰ্শকৰ বাবে ইয়াক বিশেষৰূপে মুক্তি দিয়া হ’ব।

উল্লেখ্য যে, শকুন্তলা দেৱী বায়’পিক খন তেওঁৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত; যিয়ে চেকেণ্ডৰ ভিতৰত চমৎকাৰী ধৰণে কঠিনতকৈ কঠিন তথা জটিল অংকৰ সমাধান কৰিব পাৰে। এই ছবিখনত বিদ্যা বালনৰ সৈতে অভিনয় কৰিব সান্যা মালহোত্ৰাই; সান্যাই বিদ্যা বালনৰ জীয়ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিব। ছবিখনত অমিত সাধ আৰু জিস্শু সেনগুপ্তাও এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে। অনু মেননৰ দ্বাৰা পৰিচালিত এই ছবিখন চনী পিকচাৰ্চ নেটৱৰ্কচ প্ৰডাকচন আৰু বিক্ৰম মালহোত্ৰাই প্ৰযোজনা কৰিছে।
Add comment