Rupaliparda.com
অদৃশ্য শক্তিৰ চিলমিলিয়া ভূমুকিঃ কিছু অজান অনুভূতিৰে "Lockdown Chef"- 1

অদৃশ্য শক্তিৰ চিলমিলিয়া ভূমুকিঃ কিছু অজান অনুভূতিৰে “Lockdown Chef”-

সৰুতেই শিকোৱা হৈছিল যে ভয়েই হেনো ভূত। ভূতৰ ছবি এখন চালে প্ৰায়ে নিজৰ ওচৰে-পাজৰে এক অজান শক্তিক অনুভৱ কৰা হয়; নহয়নে বাৰু? আমি সকলোৱে এনে পৰিস্থিতিৰ সন্মুখীন হৈছো। একাংশই প্ৰায়েই কয় যে যদিহে ভাল শক্তি আছে তেনেহ’লে বেয়া শক্তিও আছে। গতিকে; এনে আটাইবোৰ কথাই কেতিয়াবা আপোনাৰ মনতো উগুল-থুগুল কৰি পেলাইছে নে? ৰাতিৰ চিলমিলিয়া টোপনিত মূৰৰ শিতানত কোনো এজন ব্যক্তিক ৰৈ থকা যেন অনুভৱ কৰি পাইছেনে? আচলতে, এয়া আমাৰ মনৰ কোনো কোঠালিত আৱদ্ধ হৈ থকা ভয়ৰ উদ্বিগ্নতা। ইয়াকেই সুন্দৰ ৰূপত উপস্থাপন কৰাৰ প্ৰচেষ্টা কৰিছে কেইগৰাকীমান উদীয়মান যুৱপ্ৰজন্মই; “লক-ডাউন” ৰ অন্যতম সৃষ্টি ৰূপে মুক্তি লাভ কৰা “Lockdown Chef” ক বৰ্তমান প্ৰশংসাও কৰিছে বহুতেই। সৌৰভ বৈশ্যৰ কাহিনী, পৰিচালনা, সম্পাদনা, দৃশ্যগ্ৰহণ তথা শব্দ সংযোজনেৰে নিৰ্মিত এই চুটি ছবিখনত থকা এক সৰল অথচ ব্যতিক্ৰমী বিষয়বস্তুৱেই বৰ্তমান আকৰ্ষণ কৰি দৰ্শকক।


৯ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত এজন যুৱকৰ ভয়, আশংকা তথা “লক-ডাউন” ৰ ফলত ঘটা কিছু পৰিৱৰ্তনশীল নিয়মাৱলীক লৈ নিৰ্মাণ কৰা হৈছে উক্ত চুটি ছবিখন। দৰ্শকক ৯ মিনিটলৈ মনোযোগেৰে ছবিখন চাবলৈ বাধ্য কৰাত পৰিচালক গৰাকী সফল বুলি ক’ব পৰা যায়। একেটা ৰূমৰ ভিতৰত আৱদ্ধ হৈ থাকি ছবিখনৰ বিষয়বস্তু উপস্থাপন শৈলী লেখত ল’বলগীয়া। সংলাপৰ বহুল প্ৰয়োগ নকৰিলেও ছবিখনত অভিনীত অভিনেতা গৰাকীৰ অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অদৃশ্য শক্তিৰ চিলমিলিয়া ভূমুকিঃ কিছু অজান অনুভূতিৰে "Lockdown Chef"- 2


প্ৰদ্যুত বিকাশ দাস আৰু প্ৰমিলা নাথৰ অভিনয়েৰে নিৰ্মিত এই চুটি ছবিখন মুক্তি লাভ কৰিছে ১৪ মে’ তাৰিখে। ছবিখনৰ মুক্তিৰ পিছতেই ভিডিঅ’টোত ভিউৱাৰচৰ সংখ্যাই বুজাই দিছে ছবিখন যে উপভোগ্য হৈ পৰিছে দৰ্শকৰ বাবে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform