Rupaliparda.com
বৰ্তমানলৈ সক্ৰিয়; দৰ্শকৰ হৃদয়ত স্থিতি মজবুত ৰখা মলয়া গোস্বামীৰ জন্মদিনঃ 1

বৰ্তমানলৈ সক্ৰিয়; দৰ্শকৰ হৃদয়ত স্থিতি মজবুত ৰখা মলয়া গোস্বামীৰ জন্মদিনঃ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী মলয়া গোস্বামীৰ আজি জন্মদিন। ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত “অগ্নিস্নান” ছবিখনৰ দ্বাৰা নিজৰ অভিনয় জীৱনৰ পাতনি মেলা মলয়া গোস্বামীয়ে প্ৰথমখন ছবিৰ পৰাই লাভ কৰিছিল দৰ্শকৰ সমাদৰ।

বৰ্তমানলৈ সক্ৰিয়; দৰ্শকৰ হৃদয়ত স্থিতি মজবুত ৰখা মলয়া গোস্বামীৰ জন্মদিনঃ 2


ইয়াৰ পিছত তেওঁ অভিনীত “ফিৰিঙতি” ছবিখনত তেওঁৰ অভিনয়ে আকৌ এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হয়। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ বাবে মলয়া গোস্বামীয়ে ৩৯ তম ভাৰতীয় ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “ৰজত-কমল” বঁটা লাভ কৰে।কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰাৰ লগতে অভিনেত্ৰী গৰাকীয়ে কেইবাখনো ধাৰাবাহিক লগতে ৪০ খনৰো অধিক ৰেডিঅ’ ত প্ৰচাৰিত নাটকত সংলাপ দিছে। এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমানেও জনসাধাৰণে উপভোগ কৰিবলৈ সক্ষম হৈছে। সদ্যসমাপ্ত “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনত দেখিবলৈ পোৱা গৈছিল মলয়া গোস্বামীক।

বৰ্তমানলৈ সক্ৰিয়; দৰ্শকৰ হৃদয়ত স্থিতি মজবুত ৰখা মলয়া গোস্বামীৰ জন্মদিনঃ 3


উল্লেখ্য যে, মলয়া গোস্বামীক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অসমীয়া ধাৰাবাহিক “ঋতু আহে ঋতু যায়” ৰ বাবে “জয়মতী বঁটা” আৰু “শ্ৰেষ্ঠ টেলিভিছন বঁটা” বঁটা প্ৰদান কৰা হয়। আগন্তুক সময়ত এইগৰাকী অভিনেত্ৰীক এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জীৱনৰ সন্ধানত” দেখিবলৈ পাব দৰ্শকে। তেওঁৰ লগতে উক্ত ছবিখনত দেখিবলৈ পোৱা যাব মাধুৰিমা চৌধুৰী আৰু মৃদুলা বৰুৱাক। কেইবাখনো উচ্চ মানবিশিষ্ট ছবি দৰ্শকক উপহাৰ দিয়া এই গৰাকী অভিনেত্ৰীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform