Rupaliparda.com
সহঃঅভিনেতাৰ পৰা জটিল মূখ্য চৰিত্ৰলৈ বিকি কৌশলঃ "How's The Josh" য়ে দিলে চিনাকীঃ 1

সহঃঅভিনেতাৰ পৰা জটিল মূখ্য চৰিত্ৰলৈ বিকি কৌশলঃ “How’s The Josh” য়ে দিলে চিনাকীঃ

বিকি কৌশল বৰ্তমান বি-টাউনৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁক ভালপোৱা অনুৰাগীৰ সংখ্যাও সৰ্বাধিক; তেওঁ অভিনীত “উৰিঃ চাৰ্জিকেল ষ্ট্ৰাইক” য়ে তেওঁক আকৌ এক নতুন উচ্চতালৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু অভিনেতা গৰাকীৰ বাবে তেওঁৰ সফল যাত্ৰা কোনোদিনই সহজ নাছিল। এইখিনিতে আপোনালোকক জনাওঁ যে, বিকি কৌশলে আজি উদযাপন কৰিছে নিজ জন্ম উৎসৱ। নিজৰ সফলতাৰ আঁৰত অভিনেতা গৰাকীক বহুল সহায় কৰিছিল তেওঁৰ মাতৃয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা এক সাক্ষাৎকাৰ যোগে বিকিয়ে কয় যে, “মোৰ বাবে সকলোবোৰ এক সপোনৰ দৰেই; মোৰ লগত ভগৱান আছে যেন মোৰ বিশ্বাস হয়। মই যেতিয়া অভিনয় ক্ষেত্ৰখনলৈ আহিছিলো তেতিয়া ভালকৈ জানিছিলো যে মোৰ বাবে কোনো প্ৰযোজক অথবা পৰিচালক ৰৈ থকা নাই। মোৰ যাত্ৰা আৰম্ভ হৈছিল ২০০৯ চনৰ পৰা; মই গ্ৰেজুৱেচন সম্পূৰ্ণ কৰি মুম্বাইত অভিনয়ৰ ক্লাছো কৰিছিলো আৰু গেংগছ অৱ ৱাছিপুৰত সহকাৰী পৰিচালক ৰূপে যোগদান কৰাৰ বাহিৰেও থিয়েটাৰতো কাম কৰিছিলো।”

সহঃঅভিনেতাৰ পৰা জটিল মূখ্য চৰিত্ৰলৈ বিকি কৌশলঃ "How's The Josh" য়ে দিলে চিনাকীঃ 2


বিকিয়ে ক্ষেত্ৰখনত সফল হ’বলৈ প্ৰতিটো বস্তুতেই যোগদান কৰিছিল যেনে “চুটি ছবি, “ছবি, “এড ফিল্ম” ইত্যাদি। ইয়াৰ লগতে বিকিয়ে কয় যে, “মোক যিদিনা লৌঞ্চ কৰিবলগীয়া আছিল; সেইদিনা মোৰ মাতৃ লগত আছিল যদিও মই উদাস হৈ আছিলো আৰু মোৰ মাক কৈছিলো যে মই গম নাপাওঁ, এইবোৰ কেনেদৰে হ’ব! তেতিয়া মাই কৈছিল যে “এইবোৰ ভাবি থকা মানে কেনেকৈ হ’ব; কিদৰে হ’ব এইবোৰ তোমাৰ বিভাগ নহয় কেৱল সদায় দৃঢ় বল বৃদ্ধি কৰাটোহে তোমাৰ বিভাগ।”

সহঃঅভিনেতাৰ পৰা জটিল মূখ্য চৰিত্ৰলৈ বিকি কৌশলঃ "How's The Josh" য়ে দিলে চিনাকীঃ 3


উক্ত দিনাই বিকিয়ে নিজৰ জীৱন সলনি হৈ যোৱা বুলি ধাৰ্য্য কৰে। এইগৰাকী শিল্পীলৈ তেওঁৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform