Rupaliparda.com
বিচনা চাদৰতে সাঁচিলে কৰীণা কাপুৰে কোৱাৰেন্টাইন স্মৃতিঃ 1

বিচনা চাদৰতে সাঁচিলে কৰীণা কাপুৰে কোৱাৰেন্টাইন স্মৃতিঃ

বিগত বহু দিনৰ পৰাই দেশত “লক-ডাউন” বৰ্তি আছে; ইতিমধ্যে ইয়াৰ চতূৰ্থ পৰ্যায় আৰম্ভণি হ’বলৈ গৈ আছে। “লক-ডাউন” ৰ ফলত কেৱল সাধাৰণ জনেই নহয়; চিলেব্ৰেটী সকলেও ঘৰৰ ভিতৰতেই আৱদ্ধ হৈ সময় অতিবাহিত কৰাৰ ভিন্ন নতুন পৰিকল্পনা হাতত লৈছে। প্ৰায়ে বি- টাউন চিলেব্ৰেটীৰ একোখন ছেলফী অথবা ফেমিলী চিত্ৰ দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত; পৰিয়ালৰ সৈতে সময় কটাই আনন্দিতও হৈ পৰিছে আচলতে এওঁলোক। ইয়াৰ ভিতৰত উল্লেখনীয় কৰীণা কাপুৰে প্ৰায় স্বামী-পুত্ৰৰ সৈতে কটোৱা একোখন ফটো শ্বেয়াৰ কৰে; এইবাৰ কৰীণাই তেওঁলোকে কোৱাৰেন্টাইনৰ সময়ত গোটোৱা স্মৃতিক শ্বেয়াৰ কৰে দৰ্শকৰ মাজত। কৰীণা, ছেইফ আলি খান তথা তেওঁলোকৰ পুত্ৰ তেমুৰ আলি খানে এখন বগা বিচনা ছাদৰত ভিন্ন ৰঙেৰে ছবি অংকন কৰে; যাৰ দ্বাৰা পৃথিৱীয়ে যে আকৌ এবাৰ ৰঙেৰে ফাঁকু খেলিবলৈ সক্ষম হ’ব তাক প্ৰতিফলিত কৰে।


তেওঁলোকৰ দ্বাৰা অংকন কৰা ছবিয়ে নিশ্চয়কৈ জনসাধাৰণলৈ আশাৰ সঞ্চাৰ বোঁৱাব। কৰীণাই ফটোখনত লিখে যে, “কোৱাৰেন্টাইন ২০২০; যাক অনাগত দিনৰ বাবে বান্ধি থ’লো। নতুনকৈ ইনষ্টাগ্ৰামত ভুমুকি মাৰি প্ৰায়ে পুত্ৰ-স্বামীৰ বিভিন্ন ফটো শ্বেয়াৰ কৰে অভিনেত্ৰী কৰীণা কাপুৰে। কিছুদিন পূৰ্বে পুত্ৰ তেমুৰে ঘৰৰ ওৱালবোৰত চিত্ৰ অঁকা দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform