দেশত আজিৰে পৰা আৰম্ভ হৈছে চতূৰ্থ পৰ্যায়ৰ “লক-ডাউন”। ইয়াৰ সমান্তৰালকৈ দেশত বৃদ্ধি পাইছে “কভিড ১৯” ত আক্ৰান্ত ৰোগীৰ সংখ্যাও। এনে হতাশ আৰু আমনি দায়ক সময়ৰ মাজতেই বৰ্তমান চিলেব্ৰেটী সকলে চেষ্টা অব্যাহত ৰাখিছে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ। “লক-ডাউন” আৰম্ভণিৰ পৰাই আমি প্ৰায়ে দেখি আহিছো নৱপ্ৰজন্মই নিজ নিজ প্ৰতিভা তথা ব্যতিক্ৰমী বিষয়বস্তুৰে সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্নতাৰ সৃষ্টি কৰিছে। কোনোৱে যদি নিজ পূৰণি চুটি ছবি এখনক দৰ্শকৰ মাজত মুকলি কৰিছে আনহাতে আকৌ কোনোৱে এইখিনি সময়তে নিয়ম-নীতি সমূহ পালনেৰে মুক্তি দিছে চুটি ছবি অথবা গীত। দৰ্শকক মনোৰঞ্জন কৰোৱা ক্ষেত্ৰত বহুলভাৱে আগ-ভাগ লৈছে নৱপ্ৰজন্মৰ একাংশ শিল্পীয়ে। দৰ্শকৰ হাতত বৰ্তমান সময় থকাৰ ফলতেই হয়টো একাংশ কন্ঠশিল্পীয়েও বহু দিনৰ পৰা নিজ গীতৰ মুক্তিৰ বাবে বাট চাই ৰৈছিল যদিও এনে সময়তে ইয়াক মুক্তি কৰি দিছে।
শেহতীয়াকৈ মুক্তি লাভ কৰা এটি অসমীয়া ৰোমান্টিক গীতে আকৰ্ষণ কৰিছে দৰ্শক ও শ্ৰোতাক। গীতটিত অভিনীত সকলোৰে চিনাকী সুকন্যা বৰুৱা আৰু সুব্ৰত দেউৰীৰ যুঁটিটোৱেও লাভ কৰিছে দৰ্শকৰ সমাদৰ। গীতটিত কন্ঠদান কৰাৰ লগতে সংগীত পৰিচালনা ৰিতুমণি বৰদলৈৰ। আনহাতে, গীতটিৰ কথা মৃত্যঞ্জয় কাকতিৰ আৰু সংগীত দিছে ত্ৰিয়ন মহন্তই। “অনুভৱী সুৰ” ৰ শব্দ সংমিশ্ৰণ পিংকল প্ৰত্যুষৰ। উক্ত গীতটিৰ ভিডিঅ’ পৰিচালনা ও সম্পাদনাৰ দায়িত্বত আছিল তিৰাপ সীমান্ত মেধি আৰু সহকাৰী পৰিচালক আছিল অপুৰাজ গগৈ আৰু লাচিত।
চচিয়েল মিডিয়াত প্ৰায়ে একটিভ সুকন্যা বৰুৱাই আকৌ এবাৰ নিজ যাদুৰে অনুৰাগীৰ কাষ চাপিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, “নূপুৰ” আৰু “নিঁয়ৰৰ ফুল” ধাৰাবাহিক দুখনৰ মূখ্য চৰিত্ৰ সুব্ৰতেও বৰ্তমানলৈ আজুৰিছে অনুৰাগীৰ দীঘলীয়া সংখ্যা।







Add comment