আগন্তুক অসমীয়া বহু প্ৰত্যাশিত কেইখনমান ছবিৰ দৰেই দৰ্শক বাট চাই ৰৈছিল হিমাংশু দাসৰ পৰিচালনাৰে নিৰ্মিত “গৰু” ছবিখনক লৈ। টিজাৰ, গীত আদিৰ মুক্তিৰ পূৰ্বেই ছবিখনক লৈ উৎসাহিত হৈ পৰিছিল অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক সকলো। ভিন্ন ব্যতিক্ৰমী প্ৰচাৰেৰেও আগবঢ়া দেখিবলৈ পোৱা গৈছিল ছবিখনৰ সৈতে জড়িৰ সমস্ত শিল্পী, কলা-কুশীলক। কিন্তু কালক্ৰমত, প্ৰথম অৱস্থাত “গৰু” ৰ মুক্তিত বাধা ৰূপে থিয় হ’ল বিতৰ্কিত “কা” বিৰোধী আন্দোলন আৰু এইবাৰ “গৰু” ৰ বাট ভেঁটিলে চাৰিওফালে আতংকৰ সৃষ্টি কৰা মহামাৰী “ক’ভিড ১৯” য়ে। তৎস্বত্বেও হতাশ হোৱা নাই ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। ভাল দিন অহাৰ লগে লগে তেওঁ “গৰু” ক মুক্তি দিয়াৰ কথা ব্যক্ত কৰিলে এটি ভিডিঅ’ যোগে। পূৰ্বতেও তেওঁ নিজৰ ছবিখনক লৈ বিভিন্ন পোষ্ট কৰি জনসাধাৰণক উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল। আচলতে, হিমাংশু প্ৰসাদ দাসৰ উপস্থাপন বোৰ ইমানেই অধিক জীৱন্ত ৰূপত থাকে যে তাক লৈ দৰ্শক উৎসাহিত নোহোৱাৰ প্ৰশ্নই নাথাকে। তেওঁৰ দ্বাৰা নিৰ্মিত “গৰু” ছবিখনৰ সকলো কামৰ সমাপ্তি ঘটা বুলিও জানিবলৈ দিয়ে হিমাংশ প্ৰসাদ দাসে।
কিছুদিন পূৰ্বে ৰূপালী পৰ্দাৰ সৈতে হোৱা কথা-বতৰাত “লক-ডাউনে” অসমীয়া ছবি ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব বুলি সোধাত তেওঁ কৈছিল যে, “যিবোৰ অসমীয়া বা হিন্দী নাইবা হলীউড ছবি মাৰ্চ মাহৰ শেষৰ পৰা মুক্তি লাভ কৰিবলৈ ৰৈ গ’ল সেইসমূহৰ ওপৰত কিছু ঋণাত্মক প্ৰভাৱ নপৰাকৈ হয়টো নাথাকিব। আমি অসমীয়া ছবিৰ ক্ষেত্ৰত যদি কওঁ তেতিয়াহ’লে বিগত সময়ত হোৱা “কা” আন্দোলনৰ ফলত বহু ছবি মুক্তি লাভ কৰিব পৰা নাছিল। মাৰ্চত কেৱল মাত্ৰ এখনেই অসমীয়া ছবি আহিছিল যিখন হ’ল “তুমি আৰু মই”। আৰু, তেতিয়াই ছবিগৃহসমূহ বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। গতিকে, যোৱা কেইমাহৰ প্ৰত্যেকটো মাহত নাই কমেও চাৰিখনকৈ ছবি মুক্তি লাভ কৰিবলগীয়া আছিল; কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা এতিয়াৰ মে’ মাহলৈ যদি চাওঁ তেতিয়াহ’লে ছয় চাৰি গুণ চব্বিশ খন ছবি মুক্তি পাবলৈ বাকী থাকি গ’ল।

লগতে, জুন-জুলাই মাহত ছবি মুক্তি দিবলৈ তাৰিখ লৈ থোৱা ছবিবোৰটো আছেই আৰু উক্ত বাকী থকা চিনেমা সমূহো ইয়াৰ লগত যোগ হ’ল। ইয়াৰ উপৰিও, হিন্দী ছবিবোৰটো আছেই। আছলতে, এনে ক্ষেত্ৰত অকল অসমীয়া বুলিয়ে নহয় সমূহ ছবি ক্ষেত্ৰই ভুক্তভোগী হ’ব। “লক-ডাউন” খোলা পিছত মুক্তি তাৰিখকলৈ খোৱা-কামোৰা লাগিব; সকলোৱে ওপৰা-ওপৰি কৰিব। কাৰোবাৰ ব্যৱসায় ওপৰত কম প্ৰভাব পৰিৱ আনহাতে কাৰোবাৰ ওপৰত বেছি। কম বাজেটৰ ছবি সমূহে হয়টো অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।
ইয়াৰ ফলতো কিন্তু সকলোৱে ভুগিব। কাৰণ সময় এটাই ছবি মুক্তি কৰাৰ; শুক্ৰবাৰ দিনটোৱেই এখন ছবি মুক্তি দিব পাৰি। অসমীয়া ইতিমধ্যে কেইবাখনো ছবি মুক্তি লাভ কৰিব লাগিছিল যেনে ধৰা “বন্ধু”, “গৰু” আদি কিন্তু আমাৰ এই ছবি সমূহ বিভিন্ন পৰিস্থিতিৰ ফলত মুক্তি লাভ নকৰিলে গতিকে আমিও এতিয়া পিছুৱাই গৈ এনে তাৰিখ এটা ল’ব লাগিব ;য’ত হয়টো অইনে ছবিয়েও লৈ থৈছে। কিন্তু আমাৰ উপায় নাই; কি কৰিম। ক’বলৈ গ’লে আমাৰ বৰ্তমানৰ পৰিস্থিতিটো এটা চক্ৰবেহুত সোমাই গৈ আছে য’ৰ পৰা ওলাই অহাটো এতিয়া সম্ভৱ নহয়।”

হিমাংশু প্ৰসাদ দাসে “গৰু” ৰ দ্বাৰা কিছু সত্য ফাদিল কৰাৰ কথা ব্যক্ত কৰিছিল; যি সমূহ বাস্তৱ জীৱনত অনুভৱ কৰিব পাৰিব একাংশই। এইখিনিতে, “লক-ডাইন” ৰ আৰম্ভ হৈছে চতূৰ্থ পৰ্যায়। কিছু শিথিলতা থাকিলেও কেতিয়াকৈ ছবিগৃহ খোলা হ’ব তাৰ বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
Add comment