Rupaliparda.com
কিছুদিনৰ ভিতৰতেই আৰম্ভ হ'ব মুম্বাইত শ্বুটিঙৰ কামঃ 1

কিছুদিনৰ ভিতৰতেই আৰম্ভ হ’ব মুম্বাইত শ্বুটিঙৰ কামঃ

মুম্বাইত আৰম্ভ হ’ব পাৰে শ্বুটিং অথবা ছবি ও ধাৰাবাহিকৰ পোষ্ট প্ৰডাকচনৰ কাম। মহাৰাষ্ট্ৰ চৰকাৰ উদ্ধৱ ঠাকৰেই ইতিমধ্যে এই বিষয়ে বিচাৰ আৰম্ভ কৰা বুলি জানিবলৈ পোৱা গৈছে। সীমিত সংখ্যক লোকৰ সৈতে হয়টো মুম্বাইত আৰম্ভ হ’ব পাৰে শ্বুটিং। উদ্ধৱ ঠাকৰেই সাংস্কৃতিক কাৰ্যবিভাগ তথা নিৰ্মাতাসকলক “মনচুন” ৰ পূৰ্বে ছবি সমূহৰ শ্বুটিঙ কৰিব পৰা সম্ভাৱনা সমূহ বিচাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। আনহাতে, ছবি নিৰ্মাতা নিতিন বৈদ্য অনুসৰি হিন্দী ৭০ খনৰ লগতে মাৰাঠী ৪০ খন; মুঠ ১১০ খন ধাৰাবাহিকৰ শ্বুটিং “ক’ৰ’ণা ভাইৰাছ” ৰ ফলৰ ৰখোৱা হৈছে। যাৰ ফলত মুঠ ৩ লাখ কৰ্মচাৰী ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছে।

কিছুদিনৰ ভিতৰতেই আৰম্ভ হ'ব মুম্বাইত শ্বুটিঙৰ কামঃ 2
কিছুদিনৰ ভিতৰতেই আৰম্ভ হ'ব মুম্বাইত শ্বুটিঙৰ কামঃ 3


ইয়াৰ পূৰ্বেও ছবি আৰু ধাৰাবাহিক জগতৰ ফেডাৰেশ্বন অৱ ৱেষ্টাৰ্ন ইণ্ডিয়া চিনে এম্পলইজৰ দ্বাৰা ঠাকৰে চৰকাৰলৈ এখন পত্ৰ পঠোৱা হয়; পত্ৰ খনত যিবোৰ ছবিৰ ইতিমধ্যে শ্বুটিং সমাপ্ত কৰা হৈছে আৰু সেই ছবিসমূহৰ একমাত্ৰ বাকী থকা পোষ্ট প্ৰডাকচনৰ কাম সমূহ সম্পূৰ্ণ কৰিবলৈ অনুমতি বিচাৰি চৰকাৰক আৱেদন জনোৱা হয়। উল্লেখ্য যে, বহু ছবি ও ধাৰাবাহিকৰ ৰৈ থকা কাম সমূহে ইতিমধ্যে বিপাঙত পেলাইছে বহুতক। ফলত, ইয়াৰ পৰা কিছু সকাহ পাবলৈ পত্ৰ যোগে চৰকাৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰে নিৰ্মাতা সকলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.