Rupaliparda.com
"ফুলন দেৱী" অসমৰ সীমা বিশ্বাসঃ 1

“ফুলন দেৱী” অসমৰ সীমা বিশ্বাসঃ

অসমৰ এগৰাকী জনপ্ৰিয় তথা ভাৰতীয় চলচিত্ৰ ক্ষেত্ৰখনত সু-পৰিচিত অভিনেত্ৰী হৈছে সীমা বিশ্বাস। এগৰাকী অসম জীয়ৰীয়ে কেৱল অসমীয়া ছবিতেই নহয়; খ্যাতি লাভ কৰিছে থিয়েটাৰ ও হিন্দী ছবি ক্ষেত্ৰতো। তেওঁৰ দ্বাৰা অভিনীত “ফুলন দেৱী” চৰিত্ৰটো বৰ্তমানেও দৰ্শকৰ হৃদয়ত জলজল-পটপট হৈ আছে। নলবাৰী জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে পিছলৈ দিল্লীস্থিত নেশ্বনেল স্কুল অৱ ড্ৰামাত অন্তৰ্ভূক্ত হৈ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। তিনি কুৰিতকৈও অধিক ছবিত অভিনীত সীমা বিশ্বাসৰ বাবে অভিনয় জীৱনৰ টাৰ্ণিং পইন্ট আছিল ছবি “বেণ্ডিট কুইন।” হিন্দী কেইবাখনো ছবিত অভিনীত সীমা বিশ্বাসে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল ৱেব চিৰিজ “Code M” টো।

"ফুলন দেৱী" অসমৰ সীমা বিশ্বাসঃ 2
"ফুলন দেৱী" অসমৰ সীমা বিশ্বাসঃ 3


উল্লেখ্য যে, সীমা বিশ্বাসৰ “ফুলন দেৱী” চৰিত্ৰটোৰ বাবে তেওঁ দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰাৰ সমান্তৰালকৈ ১৯৯৬ চনত তেওঁ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লগতে লাভ কৰে ফিল্মফেয়াৰ বঁটাও। ইয়াৰ উপৰিও, ভিন ভিন ছবিৰ বাবে অভিনেত্ৰী গৰাকীয়ে বিভিন্ন বঁটা লাভ কৰে তথা ২০০১ চনত তেওঁক প্ৰদান কৰা হয় সংগীত নাটক একাডেমী বঁটা। অসম জীয়ৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ দৰ্শকৰ প্ৰশংসা লাভ কৰাই হৈছে অসমাবাসীৰ বাবে গৌৰৱৰ বিষয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform