Rupaliparda.com
মুন্নাভাই আৰু চাৰ্কিটৰ পুনঃমিলন- "ব্লকব্লাষ্টাৰ গেংগষ্টাৰ" ত থাকিব দুই অভিনেতাঃ 1

মুন্নাভাই আৰু চাৰ্কিটৰ পুনঃমিলন- “ব্লকব্লাষ্টাৰ গেংগষ্টাৰ” ত থাকিব দুই অভিনেতাঃ

“লক-ডাউন” ৰ ফলত বহু ছবিৰ শ্বুটিং ইতিমধ্যে ৰখাই দিয়া হৈছে। পৰিস্থিতি কেতিয়ালৈ ঠিক হ’ব সেয়া আচলতে এতিয়াও ক’ব পৰাটো প্ৰায় আটাইৰে বাবে কঠিন হৈ পৰিছে। কিন্তু এনে অনিশ্চয়তাৰ মাজতেই সঞ্জয় দত্তৰ এক খবৰে উৎসাহিত কৰিছে তেওঁৰ অনুৰাগীক। তেওঁৰ ছবি “ব্লকব্লাষ্টাৰ গেংগষ্টাৰ” ক লৈ এক খবৰ অহা দেখিবলৈ পোৱা গৈছে। ছবিখনৰ নিৰ্মাতা অনুসৰি, চলিত বৰ্ষৰ জুলাই মাহৰ পৰা হয়টো আৰম্ভ হ’ব পাৰে ছবিখনৰ শ্বুটিং। ছবিখনৰ প্ৰযোজক সন্দীপ সিংহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ ওচৰত জানিবলৈ দিয়ে যে যদিহে সকলো পৰিস্থিতি ঠিকেই থাকে তেনেহ’লে আগন্তুক জুলাই-আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব “ব্লকব্লাষ্টাৰ গেংগষ্টাৰ” ৰ শ্বুটিং। উক্ত ছবিখনৰ কাহিনী তিনি জন ডন আৰু তেওঁলোকৰ গেংগ সমূহৰ সদস্যৰ কাহিনীৰ ওপৰত ৰচিত; যিয়ে এদিনলৈ নিজেও ডন হোৱাৰ সপোন ৰচে।

মুন্নাভাই আৰু চাৰ্কিটৰ পুনঃমিলন- "ব্লকব্লাষ্টাৰ গেংগষ্টাৰ" ত থাকিব দুই অভিনেতাঃ 2
মুন্নাভাই আৰু চাৰ্কিটৰ পুনঃমিলন- "ব্লকব্লাষ্টাৰ গেংগষ্টাৰ" ত থাকিব দুই অভিনেতাঃ 3


লক-ডাউনৰ পিছতহে ছবিখনৰ কাষ্টিংগ সম্পূৰ্ণ কৰা হ’ব আৰু তেতিয়াহে ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে। ছবিখনৰ সৈতে অৰশদ বাৰসী জড়িত হোৱাৰ কথা ব্যক্ত কৰিছে প্ৰযোজক গৰাকীয়ে। ছবিখনত অৰশদ বাৰসী জড়িত হ’লেই হয়টো দৰ্শকে পুনৰ বাৰ মুন্নাভাই আৰু চাৰ্কিটৰ যুঁটি উপভোগ কৰিবলৈ পাব। “ব্লকব্লাষ্টাৰ গেংগষ্টাৰ” ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে সাজিদ আৰু ফৰহাদৰ ; যিয়ে “হাউচফুল” ৰ দৰে জনপ্ৰিয় ছবি ইতিমধ্যে সফল কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform