Rupaliparda.com
"বজাৰৰ পৰা পাঁচলি আনি এদিনৰ বাবেই বাহিৰতেই ৰাখো"- জুবলি 1

“বজাৰৰ পৰা পাঁচলি আনি এদিনৰ বাবেই বাহিৰতেই ৰাখো”- জুবলি

বিগত ২ মাহ দিন ঘৰতেই আবদ্ধ হৈ থকা জনসাধাৰণৰ নিশ্চয়কৈ কিছু নতুন নতুন অভ্যাসৰ আৰম্ভণি হৈছে; যি অভ্যাস গঢ় দিয়াৰ কথা হয়টো আমি কেতিয়াও মনলৈ অনাই নাছিলো কিন্তু পৰিস্থিতিৰ কবলত পৰি কিছু ন-ন অভ্যাসক আমি নিজৰ মাজত ঢাল খোৱাবলৈ বাধ্য হৈ পৰিছো। পৰিস্থিতিৰ কবলত পৰি হ’লেও জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা এনে কিছু ধনাত্মক বাৰ্তাক লৈ আৰম্ভ হৈছে জুবলি ফাউণ্ডেচনৰ দ্বাৰা লোৱা এক প্ৰচেষ্টা। ইয়াত বৰ্তমান আগ-ভাগ ল’ব পাৰিব সাধাৰণ জনেও। #newnormalinlife শীৰ্ষক এই প্ৰচেষ্টাটোৰ সবিশেষ জনাই কন্ঠশিল্পী জুবলিয়েও নিজৰ মাজত এইকেইদিনতেই আৰম্ভ হোৱা এক অভ্যাসক দৰ্শকৰ মাজত শ্বেয়াৰ কৰে।


তেওঁ কয় যে, বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ যেতিয়া শাক-পাচলিৰ বজাৰলৈ যায় তেতিয়া তেওঁ বজাৰৰ পৰা আহি পাচলিৰ বেগটো বাহিৰতে এদিনৰ বাবে ৰাখি পিছদিনা খন আকৌ এই পাচলি খিনি খোৱা চৌডা অকমাণেৰে পানীত তিয়াঁই এদিনৰ বাবে শুকুৱাইহে ভিতৰলৈ আনে। এয়া দীঘলীয়া হ’লেও বৰ্তমান সময়ৰ বাবে উপযোগ্য বুলি মন্তব্য কৰে জুবলিয়ে। ইয়াৰ উপৰিও, এইকেইদিনত গঢ় লোৱা তেওঁৰ এই অভ্যাসক তেওঁ কেতিয়াও আঁতৰাই নিদিয়াৰো ইচ্ছা প্ৰকাশ কৰে।

"বজাৰৰ পৰা পাঁচলি আনি এদিনৰ বাবেই বাহিৰতেই ৰাখো"- জুবলি 2


উল্লেখ্য যে, জুবলিৰ লগতে “লক-ডাউন” সময়ছোৱাৰ কিছু ধনাত্মক বাৰ্তা প্ৰেৰণ কৰে পৰিচালক অৰুণজিৎ বৰাকে ধৰি অভিনেত্ৰী কল্পনা কলিতা তথা অভিনেতা মনোজ বৰকটকীয়েও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform