Rupaliparda.com
অসমীয়া "ঢোলৰ যাদুকৰ", যিয়ে শৰীৰৰ প্ৰতিটো অংগৰে বজাইছিল ঢোলঃ নাম "মঘাই ওজা"- 1

অসমীয়া “ঢোলৰ যাদুকৰ”, যিয়ে শৰীৰৰ প্ৰতিটো অংগৰে বজাইছিল ঢোলঃ নাম “মঘাই ওজা”-

অসমৰ এজন জনপ্ৰিয় ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী হৈছে মঘাই বৰুৱা; যাক পিছলৈ “মঘাই ওজা” অথবা “ঢোলৰ যাদুকৰ” নামেৰে নামাকৰণ কৰা হয়। ঢোল বাদনৰ জৰিয়তে খ্যাতি লাভ কৰা মঘাইয়ে বিভিন্ন অসমীয়া তথা বাংলা ছবিত ঢোল বাদ্য পৰিৱেশন কৰে। তেওঁৰ পাঁচ বছৰ বয়সতে পিতৃৰ বিয়োগ ঘটাত তেওঁ পৰিয়ালক পোহ-পাল দিয়াৰ অৰ্থে এখন বাগিচাত কাম কৰিবলৈ আৰম্ভ কৰে যদিও সুকুমাৰ কলাৰ প্ৰতি থকা ধাউতিৰ বাবে তেওঁ চাকৰি এৰি ডিম্বেশ্বৰ গগৈ নামে এগৰাকী বৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা গ্ৰহণ কৰে। ক্ৰমান্বয়ে মঘাই বৰুৱাক জনসাধাৰণে “মঘাই ওজা” অথবা “ঢোলৰ যাদুকৰ” নামেৰে নামকৰণ কৰিবলৈ আৰম্ভ কৰিলে।

অসমীয়া "ঢোলৰ যাদুকৰ", যিয়ে শৰীৰৰ প্ৰতিটো অংগৰে বজাইছিল ঢোলঃ নাম "মঘাই ওজা"- 2
অসমীয়া "ঢোলৰ যাদুকৰ", যিয়ে শৰীৰৰ প্ৰতিটো অংগৰে বজাইছিল ঢোলঃ নাম "মঘাই ওজা"- 3


ঠিক এনেদৰেই তেওঁ বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা তথা চন্দ্ৰ গোস্বামী আদিৰ দৰে বিশিষ্ট ব্যক্তিৰ সান্নিধ্যলৈ আহি অনুপ্ৰেৰণা লাভ কৰে। মঘাই ওজাই কেৱল হাতেৰেই নহয়; তেওঁ কিলাকুটি, ভৰি, বুঢ়া আঙুলি, থুঁতৰি আৰু নাকেৰেও ঢোল বজাব পাৰিছিল। তেওঁ কেইবাখনো ছবি ক্ৰমে পিয়লি ফুকন, তৃষ্ণা, মাহুত বন্ধুৰে, ৰঙা পুলিচ আৰু প্ৰতিধ্বনিত ঢোলৰ চেওঁ দেখুৱাই দৰ্শকক আকৰ্ষণ কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ মঞ্চ নাট আৰু অনাঁতাৰ নাটৰ সৈতেও জড়িত আছিল। অসম চৰকাৰে ২০০৩ চনত “মঘাই ওজা বঁটা” ঘোষণা কৰে।

Add comment

Leave a Reply