Rupaliparda.com
ঋত্বিক ৰোশনৰ "কৃষ ৪" ত থাকিব "যাদু"- 1

ঋত্বিক ৰোশনৰ “কৃষ ৪” ত থাকিব “যাদু”-

ঋত্বিক ৰোশন অভিনীত “কৃষ” ছবিখনৰ প্ৰত্যেকটা সংস্কৰণেই আছিল জনসাধাৰণৰ বাবে উপভোগ্য। দৰ্শকে ঋত্বিক ৰোশনক “চুপাৰহিৰো” চৰিত্ৰত পচন্দও কৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান এই “কৃষ” চিৰিজখনৰ পৰৱৰ্তী ছবি খনৰ বাবে অপেক্ষা কৰি ৰৈছে বহু অনুৰাগী। তৃতীয়টো সংস্কৰণৰ সফল সমাপ্তিৰ পিছত এইবাৰ চতূৰ্থটো সংস্কৰণক লৈ বিগত বহু দিনৰ পৰাই ছবিখনৰ পৰিচালক ৰাকেশ ৰোশনে কাম কৰি থকা শুনিবলৈ পোৱা গৈছিল। এক সূত্ৰ অনুসৰি, ৰাকেশ তথা ঋত্বিক ৰোশন একেলগ হৈ তেওঁলোকৰ লিখকৰ টীমৰ সৈতে এই ছবিখনৰ কামত ব্যস্ত হৈ থকাৰ লগতে জানিব পৰা গৈছে যে ইতিমধ্যে তেওঁলোকে ছবিখনৰ বাবে এটা ভাল বিষয়বস্তু লাভ কৰিবলৈ সক্ষম হৈছে। “কৃষ ৩” ত ৰোহিত মেহৰাৰ মৃত্যুৰ পিছত এইবাৰৰ পৰৱৰ্তী চিৰিজ খনত হয়টো দৰ্শকে দেখিবলৈ পাব “যাদু” ক।

ঋত্বিক ৰোশনৰ "কৃষ ৪" ত থাকিব "যাদু"- 2


ঋত্বিক ৰোশনৰ আহিবলগীয়া এই “কৃষ ৪” ছবিখনত আকৌ এবাৰ একচন আৰু ভি.এফ.এক্সৰ সম্পূৰ্ণ সমাহাৰ দেখিবলৈ পোৱা যাব। ঋত্বিক ৰোশনৰ উক্ত ছবিখনৰ প্ৰায় প্ৰতিটো সংস্কৰণৰ প্ৰত্যেকটো চৰিত্ৰই দৰ্শকৰ মন-মগজুত ঠাই বনাবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform