Rupaliparda.com
"টিক টক টিক টক কেৱল ঘড়ীত শুনিবলৈহে ভাল লাগে"- শক্তিমান 1

“টিক টক টিক টক কেৱল ঘড়ীত শুনিবলৈহে ভাল লাগে”- শক্তিমান

দেশ তথা সমগ্ৰ বিশ্বই এতিয়া মাত্ৰ একেটা বিষয়ৰ ওপৰতেই কথা পতা দেখিবলৈ পোৱা গৈছে; সেয়া হ’ল “ক’ৰ’ণা ভাইৰাছ”। চীনৰ পৰা অহা এই বেমাৰ বিধক লৈ সকলো ক্ষোভিত হৈ থকাৰ মাজতে এতিয়া দেশত আন এক মতানৈক্যৰ সৃষ্টি হোৱাহে দেখিবলৈ পোৱা গৈছে। বৰ্তমান সকলো চাইনীজ পণ্য ত্যাগ কৰাৰ এক ঢৌ উঠিছে; যাৰ ফলত “টিক-টক” এপটোৱেও ভাৰতবৰ্ষত নিজ জনপ্ৰিয়তা ক্ৰমশঃ হেৰুওৱাৰ উপক্ৰম আহি পৰিছে। “টিক-টক” ভাৰতবাসীয়ে এৰা বুলি শুনিবলৈ পাই বৰ্তমান সুখী হৈছে সকলোৰে মৰমৰ শক্তিমান অৰ্থাৎ অভিনেতা মুকেশ খান্না। অভিনেতা গৰাকীয়ে এক ভিডিঅ’যোগে নিজ সুখ ব্যক্ত কৰাৰ লগতে দৰ্শকক কিছু বহুমূলীয়া কথাওঁ জনায়। তেওঁ কয় যে, “বন্ধু সকল, টিক-টক কৰাৰ বাহিৰেও পৃথিৱীত আৰু অইন কাম আছে। “ক’ৰ’ণা” সক্ৰমণ আৰু বেয়া খবৰ সমূহৰ মাজতো এটা ভাল খবৰ শুনিবলৈ পোৱা গৈছে। সেইটো হ’ল যে চাইনীজ ভাইৰাছ, টিক- টক ভাইৰাছ আমাৰ পৰা দূৰ হৈছে; ইয়াৰ ৰেটিং ৪.৫ ৰ পৰা ১.৩ লৈ ধাৱমান হৈছে।”

View this post on Instagram

टिक टोक टिक टोक घड़ी में सुनना सुहावना लगता है। लेकिन आज की युवा पीढ़ी का घर मोहल्ले सड़क चौराहे पर चंद पलों की फ़ेम पाने के लिए सुर बेसुर में टिक टोक करना बेहुदगी का पिटारा लगता है।कोरोना चायनीज़ वाइरस है ये सब जान चुके हैं।पर टिक टोक भी उसी बिरादरी का है ये भी जानना ज़रूरी है। टिक टोक फ़ालतू लोगों का काम है।और ये उन्हें और भी फ़ालतू बनाता चला जा रहा है।अश्लीलता, बेहुदगी, फूहड़ता घुसती चली जा रही है आज के युवाओं में इन बेक़ाबू बने विडीओज़ के माध्यम से। इसका बंद होना ज़रूरी है।ख़ुशी है मुझे कि इसे बाहर का रास्ता दिखाया जा रहा है।मैं इस मुहिम के साथ हूँ।

A post shared by Mukesh Khanna (@iammukeshkhanna) on


ইয়াৰ উপৰিও, তেওঁ জনসাধাৰণে টিক-টক বহিষ্কাৰ কৰাৰ ফলত যে অত্যন্ত সুখী হৈ পৰিছে সেই প্ৰকাশ কৰি কয় যে, “টিক টক টিক টক কেৱল ঘড়ীত শুনিবলৈহে ভাল লাগে। ক’ৰ’ণা ভাইৰাছ যে চীনৰ পৰা আহিছে সেয়া আপোনালোকে নিশ্চয় জানিছে আৰু “টিক-টকো” তাৰেই এক অংশীদাৰ।” উল্লেখ্য যে, শক্তিমান টিক-টক ব্যৱহাৰৰ পৰা নিজেও দূৰত থকা লগতে আনক দূৰত থাকিবলৈ আহ্বান জনায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform