Rupaliparda.com
"এন.কে প্ৰডাকচন ৬ বছৰৰ বিৰতিৰ পিছত আমাক লৈ উভতিছে যিহেতু আমাৰ দায়িত্ব বাঢ়িছে"- শ্ৰেষ্ঠা চৌধুৰী 1

“এন.কে প্ৰডাকচন ৬ বছৰৰ বিৰতিৰ পিছত আমাক লৈ উভতিছে যিহেতু আমাৰ দায়িত্ব বাঢ়িছে”- শ্ৰেষ্ঠা চৌধুৰী

আগন্তুক সময়ত অসমীয়া কেইবাখনো ছবি মুক্তি লাভ কৰা কথা আমি ইতিমধ্যে শুনিছো। বহু বছৰৰ অন্তত অহা এন.কে প্ৰডাকচনেও নিজা গাঁঠি মজবুত কৰি অসমীয়া ছবি ক্ষেত্ৰখনত আকৌ এবাৰ খোজ পেলাইছে। তেওঁলোকৰ ফালৰ পৰা অহা একোটা খবৰ প্ৰায়ে দৰ্শকক উৎসাহিত কৰে; নকৰিবওঁনো কিয়? উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰৰ পৰা মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটো প্ৰকল্পক লৈয়ে আকৰ্ষিত জনসাধাৰণ। জানিব পৰা মতে, “জানমণি” ৰ পিছত আকৌ আন এখন ৰোমান্টিক ছবিৰ সৈতে দৰ্শকৰ মাজলৈ আহিব এন.কে.প্ৰডাকচন। ইতিমধ্যে ছবিখনৰ পোষ্ট-প্ৰডাকচনৰ কাম চলি থকা হৈছে। নৱ প্ৰজন্মৰ ন-ন প্ৰতিভাক বিকাশৰ সুবিধা প্ৰদান কৰা এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনতো দুই গৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব। পোন প্ৰথমবাৰৰ বাবে এন.কে প্ৰডাকচনৰ ফালৰ পৰা দৰ্শকৰ সমুখলৈ অহা সুবিধা লাভ কৰি উৎসাহী হৈ পৰিছে অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী। আহিবলগীয়া “দা শ্লেম বুক” শীৰ্ষক ছবিখনত মূখ্য অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰা শ্ৰেষ্ঠাৰ সৈতে এক্সক্লুচিভলি ৰূপালীপৰ্দাৰ ফালৰ পৰা পাতিছিলো কিছু কথা-বতৰা।

"এন.কে প্ৰডাকচন ৬ বছৰৰ বিৰতিৰ পিছত আমাক লৈ উভতিছে যিহেতু আমাৰ দায়িত্ব বাঢ়িছে"- শ্ৰেষ্ঠা চৌধুৰী 2


“দা শ্লেম বুক” ছবিখনকলৈ কিমান উৎসাহী তথা এন কে প্ৰডাকচনৰ বেনাৰত কাম কৰি কেনেকুৱা অনুভৱ কৰিছে বুলি সোধাত তেওঁ কৈছিল যে, “দা শ্লেম বুক” মোৰ বাবে এটা সপোন হয়; যি সপোন অতি কম সময়ৰ ভিতৰতে দিঠকত পৰিণত হ’বলৈ গৈ আছে। মই এগৰাকী অভিনেত্ৰী হোৱাৰ আশা পুঁহিছিলো; মডেলিঙৰ সৈতে মই জড়িত আছিলো লগতে দুই-তিনিটা মিউজিক ভিডিঅ’ তো কাম কৰিছো কিন্তু “দা শ্লেম বুক” মোৰ বাবে এক সফল সপোন। আৰু, এন.কে প্ৰডাকচনটো অসমৰ ভিতৰতেই এটা ডাঙৰ নাম। ইয়াক নজনা হয়টো কমেই মানুহ ওলাব; গতিকে নৱাগত হিচাপে মোৰ ওপৰত দায়িত্বও আহি পৰিছে যাতে এন.কে প্ৰডাকচনক লৈ থকা দৰ্শকৰ মন্তব্য বেলেগ হৈ নাযাওঁক; মই নিবিচাৰো এন.কে প্ৰডাকচনক কোনো দৰ্শকে কোৱাটো যে এগৰাকী ভুল অভিনত্ৰী ৰূপে মোৰ বিচাৰ কৰিলে। যিহেতু এন.কে প্ৰডাকচন সূদীৰ্ঘ ৬ বছৰৰ অন্তত আমাক লগত লৈ উভতিছে গতিকে মোৰ ওপৰত দায়িত্বও বাঢ়ি গৈছে।”

"এন.কে প্ৰডাকচন ৬ বছৰৰ বিৰতিৰ পিছত আমাক লৈ উভতিছে যিহেতু আমাৰ দায়িত্ব বাঢ়িছে"- শ্ৰেষ্ঠা চৌধুৰী 3


প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত আন আন চৰিত্ৰত অভিনয় কৰিছে নৱাগত নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইয়ে। “দা শ্লেম বুক” ৰ চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। এই ছবিখনৰ সংগীত পৰিচালনা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ। জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform