Rupaliparda.com
দিগন্ত ভাৰতীৰ কন্ঠ ও হৰ্জিৎ দিয়াজৰ সংগীতেৰে "আকৌ এবাৰ আহিবা"- 1

দিগন্ত ভাৰতীৰ কন্ঠ ও হৰ্জিৎ দিয়াজৰ সংগীতেৰে “আকৌ এবাৰ আহিবা”-

অসমীয়া বিভিন্নটা গীতৰ সফলতাৰ আঁৰত থকা ব্যক্তিজনেই হৈছে দিগন্ত ভাৰতী। এগৰাকী সংগীত শিল্পী তথা এগৰাকী গুৰু ৰূপে অসমীয়া সংগীত ক্ষেত্ৰখনত বৰ্তমান জনপ্ৰিয় হৈ পৰা বহু কন্ঠশিল্পীৰ সফলতাৰ আঁৰত থকা ব্যক্তিজনেই হ’ল দিগন্ত ভাৰতী। প্ৰায়ে তেওঁৰ একোটা গীতে জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা যায়। একাধাৰে কন্ঠশিল্পী, লিখক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে অনুষ্ঠিত কৰা হৈছিল “গানৰ দিন” শীৰ্ষক এক অনুষ্ঠানৰ। শেহতীয়াকৈ তেওঁৰ কথা ও পৰিচালনাৰে লগতে জুবলিৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “শুই থাক গুৱাহাটী” য়ে লাভ কৰিছিল বহুল জনপ্ৰিয়তা। কিন্তু এইবাৰ কৰা হৈছে কিছু ব্যতিক্ৰম; দিগন্ত ভাৰতীয়ে কন্ঠদান কৰা এটি গীতত সংগীত ব্যৱস্থাপনা কৰিছে মায়ানগৰীত খ্যাতনামা অসম সন্তান হৰ্জিৎ দিয়াজে। দুই গৰাকী জনপ্ৰিয় ও প্ৰতিভাশালী শিল্পীৰ কন্ঠ ও সংগীতেৰে মুক্তিপ্ৰাপ্ত “আকৌ এবাৰ আহিবা” শীৰ্ষক গীতটিয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শ্ৰোতা ও দৰ্শকক।


“বৰনৈ” এলবামটোত অন্তৰ্ভূক্ত এই গীতটিত সুৰ দিছে দিগন্ত ভাৰতী আৰু শব্দ সংমিশ্ৰণ পিংকু দাসৰ। গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ কৰিছে কৃষ্ণ চাহে আৰু সম্পাদনা মণি ৰাজকোঁৱৰৰ। উল্লেখ্য যে, মায়ানগৰীত খ্যাতি লাভ কৰা হৰ্জিতে প্ৰায় কেইবাটাও অসমীয়া ও হিন্দী গীতৰ সংগীত ব্যৱস্থাপনা কৰিছে। তেওঁৰ এটি গীত “ৰুলা কে গেয়া ইস্ক তেৰা” ত ভিউৱাৰচৰ সংখ্যা আছিল ১০ কোটিতকৈও অধিক। হৰ্জিৎ তথা দিগন্ত ভাৰতীৰ উক্ত গীতটোত বৰ্তমান দৰ্শকৰ প্ৰতিক্ৰিয়া মন কৰিবলগীয়া।

দিগন্ত ভাৰতীৰ কন্ঠ ও হৰ্জিৎ দিয়াজৰ সংগীতেৰে "আকৌ এবাৰ আহিবা"- 2


বৰ্তমান পৰিপ্ৰেক্ষিতত দৰ্শকক মনোৰঞ্জন কৰোৱা অধিক সহজ হৈ পৰিছে। নিজ নিজ প্ৰিয় শিল্পী সমূহৰ একোটা কৰ্মই দৰ্শককো উৎসাহী কৰিছে। দিগন্ত ভাৰতীও বিভিন্ন গীত লিখি বিগত দিনত কেইবাগৰাকী অইন কন্ঠশিল্পীক একগোট হৈ “কভিড ১৯” ক উদ্দেশ্যি সজাগতামূলক গীত মুক্তি দিয়া দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.