“কভিড ১৯” ৰ সন্ত্ৰাসৰ মাজতেই দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ সিদ্ধান্তই ক্ষোভিত কৰিছে জনসাধাৰণক। ৰাইজে লগ হৈ এই খননৰ বিৰুদ্ধে মাত মাতিছে; চচিয়েল মিডিয়াত প্ৰত্যেকটো মিনিটত শ্বেয়াৰ হৈছে দিহিং পাটকাইক উদ্দেশ্যি দিয়া একোটা পোষ্ট। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক পৰিস্থিতিৰ বুজ ল’বলৈ পঠিয়াইছে বুলি সংবাদ মেল যোগে ব্যক্ত কৰিছে যদিও সমগ্ৰ কথাৰ স্পষ্টতা জানিব পৰা হোৱা নাই। সাধাৰণ ৰাইজৰ সমান্তৰালকৈ অসমীয়া শিল্পী সমূহকো এই বিষয়ে মাত মতা দেখিবলৈ পোৱা গৈছিল। কিন্তু, সম্প্ৰতি কেৱল অসমবাসীয়ে নহয়; #SaveDihingPatkai ৰ শ্লোগান জুৰিছে বলীউডৰ একাংশ চিলেব্ৰেটীও। টুইট যোগে অসমৰ বৰ্ষাৰণ্যক বচাঁবলৈ আহ্বান জনাইছে এওঁলোকেও।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত থকা নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফে অসমৰ দিহিং পাইটকাইকে ধৰি বনাঞ্চল ধ্বংস কৰি কয়লা খনৰৰ সিদ্ধান্ত লৈছিল। উল্লেখ্য যে, ২০০৪ চনৰ ১৩ জানুৱাৰীত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে স্বীকৃতিপ্ৰাপ্ত দিহিং পাটকাই অভয়াৰণ্য বিভিন্ন জীৱ-জন্তু তথা মূল্যৱান কাঠৰ বাবে বিখ্যাত। তলত চাওঁক বলীউড চিলেব্ৰেটীৰ পোষ্ট সমূহঃ
Add comment