Rupaliparda.com
১৪ বছৰ বয়সতে "ইন্দ্ৰধনুষ" ধাৰাবাহিকত কৰণ জহৰে কৰিছিল কামঃ 1

১৪ বছৰ বয়সতে “ইন্দ্ৰধনুষ” ধাৰাবাহিকত কৰণ জহৰে কৰিছিল কামঃ

বলীউড ছবিক্ষেত্ৰৰ জনপ্ৰিয় পৰিচালক ও প্ৰযোজক কৰণ জহৰে ২৫ মে’ তাৰিখে অৰ্থাৎ আজি নিজৰ ৪৮ সংখ্যক জন্মদিন উদযাপন কৰিছে। কৰণ জহৰৰ কাহিনীক লৈ কিতাপ লিখা হৈছে যদিও তেওঁৰ বিষয়ে এনে কিছু কথাও আছে যি বৰ্তমানেও জনসাধাৰণে নাজানে। কৰণ জহৰক “দিলৱালে দুলহানিয়া” ত সকলোৱে এটি সৰু চৰিত্ৰ ৰূপায়ন কৰা দেখিছিল লগতে তেওঁ ছবিখনৰ সহঃ পৰিচালকৰ দায়িত্বতো আছিল। কিন্তু এয়াই নাছিল কৰণ জহৰৰ প্ৰথম; তেওঁ ১৪ বছৰ বয়সতেই এখন টিভি ধাৰাবাহিকত কাম কৰিছিল। “ইন্দ্ৰধনুষ” শীৰ্ষক এই ধাৰাবাহিকখন প্ৰচাৰ কৰা হৈছিল দূৰদৰ্শন যোগে।

১৪ বছৰ বয়সতে "ইন্দ্ৰধনুষ" ধাৰাবাহিকত কৰণ জহৰে কৰিছিল কামঃ 2
১৪ বছৰ বয়সতে "ইন্দ্ৰধনুষ" ধাৰাবাহিকত কৰণ জহৰে কৰিছিল কামঃ 3


১৯৮৯ চনত প্ৰচাৰিত উক্ত ধাৰাবাহিকখন কৰণ জহৰৰ জীৱনৰ প্ৰথমটো কাম আছিল। ইয়াৰ পিছত তেওঁ কাম কৰে ছবি “দিলৱালে দুলহানিয়া লে যায়েংগে” ত। ইয়াৰ তিনিটা বৰ্ষ পিছত কৰণ জহৰে পোন প্ৰথমবাৰৰ বাবে ছবি “কুছ কুছ হতা হে” পৰিচালনা কৰে; যিখন চুপাৰহিট হোৱাৰ লগতে দৰ্শক বৰ্তমানেও এই ছবিখন উপভোগ কৰিবলৈ উৎসাহী হৈ থাকে। প্ৰযোজনা তথা পৰিচালনাৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰা কৰণ জহৰে অভিনয় ক্ষেত্ৰতো আগবাঢ়িবলৈ চেষ্টা কৰিছিল যদিও এয়া সফল নহ’ল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform