Rupaliparda.com
পুত্ৰ-কন্যাৰ সৈতে আইমী বৰুৱাৰ সজাগতা বাৰ্তাঃ 1

পুত্ৰ-কন্যাৰ সৈতে আইমী বৰুৱাৰ সজাগতা বাৰ্তাঃ

নিজ পুত্ৰ, কন্যাৰ সৈতে সজাগতা বাৰ্তা প্ৰদান অভিনেত্ৰী আইমী বৰুৱাৰ। পৰিয়ালৰ সৈতে সময় কটোৱা বিভিন্ন ফটো তথা ভিডিঅ’ আপলোড কৰা আইমী বৰুৱাই কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজ অনুৰাগী তথা দৰ্শকক সজাগ ও সচেতন কৰা অৰ্থে বিভিন্ন পোষ্ট কৰিছিল চচিয়েল মিডিয়াত। এগৰাকী মাতৃ হিচাপে নিজ পুত্ৰ, কন্যাকো বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰে অভিনেত্ৰী গৰাকীয়ে। নগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই অসমৰ সাধুকথা নামে এখন তথ্যচিত্ৰত তেজীমলা চৰিত্ৰটিত অভিনয় কৰে। “প্ৰেম আৰু প্ৰেম” ছবিখনেই আছিল তেওঁৰ জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ লগতে, আইমীয়ে কেইবাখনো অসমীয়া ভিচিডিত অভিনয় কৰিছে। এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰূপে খ্যাতি লাভ কৰা আইমী বৰ্তমান সময়ৰ এক চৰ্চিত নাম। বিভিন্ন বিবাদে ঘেঁৰি থাকিলেও আইমীয়ে প্ৰায়ে সময়তে জনসাধাৰণৰ লগ দিয়া দেখিবলৈ পোৱা যায়।


উল্লেখ্য যে, “লক-ডাউন” আৰম্ভণিৰ সময়ছোৱাতে অসম চৰকাৰক সহায়ৰ বাবে তেওঁ “অসম আৰোগ্য নিধি” লৈ মুঠ ১ লাখ টকাৰ অনুদান আগবঢ়ায়। ইয়াৰ উপৰিও, বিভিন্ন সামাজিক কামত আগ-ভাগ লোৱাও দেখিবলৈ পোৱা যায় অভিনেত্ৰী আইমী বৰুৱাক। আগন্তুক সময়ত “যাযাবৰ” তথা “অন্বেষণ” নামে অসমীয়া ছবিত আইমীক দেখিবলৈ পাব দৰ্শকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform