Rupaliparda.com
"লক-ডাউন" ৰ বিৰক্তি ও খেলি-মেলিৰে সৌৰভ মহন্তৰ চুটি ছবি "NECTAR (আশাৰ সোপান)"- 1

“লক-ডাউন” ৰ বিৰক্তি ও খেলি-মেলিৰে সৌৰভ মহন্তৰ চুটি ছবি “NECTAR (আশাৰ সোপান)”-

“লক-ডাউন” য়ে একাংশক পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুবিধা প্ৰদান কৰিছে যদিও একাংশক মানসিক ভাৱে ভাঙিও পেলাইছে। সম্প্ৰতি মানসিক ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলিও জানিবলৈ দিছিল সংবাদ মাধ্যমে। “লক-ডাউনে” বিভিন্ন বস্তুৰ সাল-সলনি ঘটোৱাৰ লগতে কিছু জনসাধাৰণৰ ই ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছে। আপোনাৰ বাৰু মন নাযায়নে কিছু সময় সন্তৰ্পণে বহি সময় কটাই নিজৰ সৈতে কথা পাতিবলৈ?? নিশাৰ আকাশত তিৰবিৰাই থকা তৰাৰ সান্নিধ্যত বহি কবিতা, গীত আদি ৰচা বহু শিল্পী আমি ইতিমধ্যে দেখিছো। কিন্তু, সেই নীৰৱতা অথবা একান্তই ব্যক্তিগত সময় কটাবলৈ কেতিয়াবা অসুবিধা হৈ পৰে পৰিয়ালত। কিছু পৰিয়ালৰ সদস্যই ইজনে আনজনৰ ওপৰত ইমানেই অধিক নিৰ্ভৰশীল হৈ পৰে যে কেতিয়াবা সেই অকলশৰীয়া সময়খিনিৰ অভাৱ পৰিলক্ষিত হয়। এনে এক বিষয়বস্তুক এটা কাহিনী যোগে যদি উপস্থাপন কৰা হয় তেনেহ’লে ইয়াৰ গ্ৰহণযোগ্যতা আৰু অধিক বৃদ্ধি পাবলৈ ধৰে। “লক-ডাউন” ৰ এই দুমাহৰ সময়ছোৱাত জনসাধাৰণে দেখিবলৈ অথবা উপভোগ কৰিবলৈ পোৱা বিভিন্ন বিষয়বস্তুৰ সমান্তৰালকৈ আন এখন চুটি ছবিও প্ৰস্তুত কৰি উলিওৱা হৈছে; ইয়াৰ নাম হৈছে NECTAR (আশাৰ সোপান)”।


অসমীয়া ও ৰাষ্ট্ৰীয় ক্ষেত্ৰত খ্যাতনামা সংগীত পৰিচালক সৌৰভ মহন্তৰ পৰিচালনাৰে নিৰ্মিত উক্ত চুটি ছবিখনত বৰ্তমান সময়ৰ এক জীঁয়া কাহিনীক উপস্থাপন কৰা হৈছে। “হান্দুক”, “সোণাৰ বৰণ পাখি”, নদী মাথো বঁয় (সংগীত), আদিত কৰা কামৰ দ্বাৰা জনসাধাৰণৰ প্ৰশংসা লাভ কৰা এই গৰাকী শিল্পীয়ে পৰিচালনাৰ কামতো যে নিপুঁণ; সেয়া নিশ্চিত হৈ পৰিছে। আগন্তুক সময়তো সৌৰভ মহন্তৰ সংগীতেৰে নিৰ্মিত ছবি “জলছবি”, “তুমি মালালা” তথা “ক্ষণচৰ” আদি উপভোগ কৰাৰ সুযোগ লাভ কৰিব দৰ্শকে। ইয়াৰ উপৰিও শিল্পী গৰাকী জড়িত অতি কমেও ৪০ খন মান চুটি ছবি ও তথ্য চিত্ৰৰ সৈতেও।

"লক-ডাউন" ৰ বিৰক্তি ও খেলি-মেলিৰে সৌৰভ মহন্তৰ চুটি ছবি "NECTAR (আশাৰ সোপান)"- 2


NECTAR (আশাৰ সোপান)” শীৰ্ষক চুটি ছবিখনৰ কাহিনী, সংলাপ, দৃশ্যগ্ৰহণ তথা পৰিচালনা সৌৰভ মহন্তৰ নিজৰেই। ইয়াত অভিনয় কৰিছে ৰন্টু মহন্তই (হিৰণ্য)। ছবিখনৰ সম্পাদনা ও কালাৰ ঝুলন কৃষ্ণ মহন্তৰ লগতে গ্ৰাফিক্স আৰু পোষ্টাৰ ডিজাইন দীপজ্যোতি সন্দিকৈৰ। ছবিখনত সংগীতৰ লগতে শব্দ সংযোজন সৌৰভ মহন্তৰ। আনহাতে, ছবিখনৰ লাইট আৰু ছেট ডিজাইন সন্ধ্যা কাকলিৰ। ছবিখনৰ চাবটাইটেলৰ দায়িত্বত আছিল হিমাংশু শৰ্মা আৰু ইয়াৰ ডাবিং আৰ্টিষ্ট হৈছে ক্ৰমে গোপাল মহন্ত, দুলাৰী মহন্ত, সন্ধ্যা কাকলি, ঝুলন আৰু সৌৰভ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform